নিয়মীয়া বাৰ্তা,৩১ জানুৱাৰী : অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে বিশাখাপট্টনমক অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হিচাপে ঘোষাণা কৰে।আজি দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ৰেড্ডীয়ে এই কথা ঘোষণা কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,আগন্তুক দিনত ৰাজধানী বিশাখাপট্টনমলৈ সকলোকে আমন্ত্ৰণ জনাইছে। অদূৰ ভৱিষ্যতে তেওঁ ও ৰাজধানী বিশাখাপট্টনমলৈ স্থানান্তৰিত হ’ব।লগতে ৩-৪ মাৰ্চত গ্লবেল ইনভেষ্টাৰ ছামিটৰ আয়োজন কৰিব বুলি উল্লেখ কৰে।