মাৰ্ঘেৰিটাৰ টিৰাপ সংৰক্ষিত বনাঞ্চলত কাঠ মাফিয়াৰ দৌৰাত্ম; মূল্যবান গছ কাটি অৰুণাচললৈ সৰবৰাহ
- দিন দুপৰতে মূল্যবান গছ কাটি সৰবৰাহ কৰা হয় চুবুৰীয়া ৰাজ্য অৰুণাচলৰ জয়ৰামপুৰলৈ
- নিৰ্বিকাৰ বন বিভাগ
নিয়মীয়া বাৰ্তা,৩ ফেব্ৰুৱাৰী : অসমৰ জাতীয় বৃক্ষ ৰূপে পৰিচিত হোলোং গছৰ ওপৰত বৰ্তমান যেন অত্যাচাৰহে চলিছে ।এসময়ত অসমৰ অৰ্থনীতিত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এই বিধ অতি মূল্যবান বৃক্ষ এচাম কাঠ মাফিয়াৰ লোভনীয় দৃষ্টিৰ বাবে ক্ৰমান্বয়ে বিলুপ্তিৰ দিশে আগবাঢ়িছে ।বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ তথা লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত জনৈক বাসু চাহ বাগিছাৰ সমীপত একাংশ কাঠ মাফিয়াই একমাত্ৰ নিজৰ কলা ধনৰ সাম্ৰাজ্য বৃদ্ধিৰ বাবে হকে বিহকে মূল্যবান হোলোং গছ সমূহ কাটি টহিলং কৰিছে ।এফালে সংৰক্ষিত বনাঞ্চল সমূহত কয়লা চোৰৰ দৌৰাত্ম আনফালে আকৌ কাঠ মাফিয়াৰ অতপালিৰ বাবে সেউজ দলিছা সদৃশ টিৰাপ সংৰক্ষিত বনাঞ্চল খনি সম্প্ৰতি শিলাময় পাহাৰৰ দৰে হোৱাৰ দিশে গতি কৰিছে ।বৰ্তমান বনাঞ্চল খনিৰ মাজে মাজে চোৰাং কয়লা সৰবৰাহৰ বাবে নিৰ্মাণ কৰা পথ সমূহেদি জে চি বি ৰে বোজাই কৰা ট্ৰাক সমূহ টিৰাপ নৈ অতিক্ৰম কৰি অৰুনাচলৰ জয়ৰামপুৰত থকা কাঠ ফলা মিলসমূহলৈ হোলোং কুণ্ডা সমূহ সৰবৰাহ কৰি থকা হৈছে ।
অতি পৰিতাপৰ কথা যে হোলোং গছ কটাটো আইনগত ভাৱে নিষিদ্ধ যদিও কাৰ ছত্ৰছায়াত এনে অবৈধ বেহা বিনাদ্বিধাই চলি থাকিবলৈ সক্ষম হৈছে ,ই সকলোৰে বাবে গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে ।প্ৰশ্ন হয় বনাঞ্চলখনি ৰক্ষাৰ বাবে লেখাপানী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ লগতে জাগুন বন বিষয়াৰ কাৰ্য্যালয়ৰ দৰে বিয়াগোম বিভাগ থকা স্বত্তেও কাৰ সহযোগত এনে অবৈধ বন ধ্বংস অবিৰত ভাবে চলিবলৈ সক্ষম হৈছে ? অৱশ্য ভূ ৰখা মহলে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিছে ,দৰাচলতে কাৰ সহযোগত এনে অবৈধ বেহা চলি থাকিবলৈ সক্ষম হৈছে । মন কৰিবলগীয়া যে এই সমগ্ৰ অবৈধ বেহাৰ অন্তৰালত মোংকাম ৱাৰা গাৱৰ কেইজনমান লোক জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।
তদুপৰি যোৱা দীৰ্ঘ দিন ধৰি বনাঞ্চলখনিৰ গছ সমূহ কটা কাঠ কটিয়া সমূহ মোংকাম গাৱতে ভাৰামড়্যতীয়া হিচাপে বসবাস কৰি থকা বুলিও প্ৰত্যক্ষদৰ্শী সকলে কব বিচাৰে ।ইতিমধ্য ৰাজ্যখনৰ বন বিভাগৰ চৰম দূৰ্বলতাৰ বাবে নামফাই বনাঞ্চলকে ধৰি টিংকুপানী বনাঞ্চল খনিৰ বুকু উদং হোৱাৰ দৰে টিৰাপ সংৰক্ষিত বনাঞ্চলখনিও যে অতি কম সময়ৰ ভিতৰতে নি:শেষ হৈ পৰিব তাত কাৰো সন্দেহ নাই । প্ৰনিধানযোগ্য যে কিছু দিনৰ পূৰ্বে লেখাপানী বন বিভাগৰ দ্বাৰা কয়লাডুবিৰ পৰা চোৰাং কাঠ কঢ়িয়াই থকা অৱস্থাতএখন জে চি বি কৰায়ত্ব কৰা হৈছিল যদিও হঠাৎ উক্ত বিভাগটো মৌন হৈ পৰাত একাংশ লোকে বন বিভাগকো সন্দেহৰ আঙুলি দেখুৱাবলৈ বাধ্য হৈ পৰিছে ।