গণৰাজ্য দিৱসৰ পেৰেডত অসমক প্ৰতিনিধিত্ব কৰা NCC আৰু NSSৰ সদস্যসকলৰ সৈতে অন্তৰংগ আলাপ মুখ্যমন্ত্ৰীৰ
- অন্তৰাত্মাৰ আহ্বানমৰ্মে বাছি লোৱা জীৱনৰ কৰ্মপথ, পোহৰ দিবলৈ হ’লে প্ৰথমে নিজে সূৰ্য হ’ব লাগিব– শিক্ষাৰ্থী সমাজক মুখ্যমন্ত্ৰীৰ পৰামৰ্শ
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত ২০২৩ বৰ্ষৰ নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পেৰেডত অসমক প্ৰতিনিধিত্ব কৰা এন চি চি আৰু এন এছ এছ দলৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয়৷ এই বাৰ্তালাপ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে তেওঁলোক কিদৰে নিৰ্বাচিত হৈছিল, প্ৰশিক্ষণৰ কালছোৱাত তেওঁলোকে লাভ কৰা শিক্ষা আৰু বিভিন্ন অভিজ্ঞতা তথা পেৰেডত অংশ লৈ লাভ কৰা অনুভৱ আদিকে ধৰি বিভিন্ন কথাৰ বুজ লয়৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এন চি চি আৰু এন এছ এছৰ কেডেটসকলৰ পৰা গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতা সম্বন্ধীয় বিভিন্ন কথাৰ বুজ লৈ তেওঁলোকে প্ৰশিক্ষণকালত অৰ্জন কৰা নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আদি শিক্ষা জীৱনৰ পৰৱৰ্তী সময়ছোৱাতো মানি চলি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়াৰ দিশত অগ্ৰসৰ হ’বলৈ আহ৩ান জনায়৷ তেওঁ কেডেটসকলক পেৰেডত অংশগ্ৰহণ কৰি লাভ কৰা বিৰল অভিজ্ঞতাসমূহ নিজ নিজ শিক্ষানুষ্ঠানৰ আলোচনী, পত্ৰিকা আদিত প্ৰৱন্ধ আকাৰে লিখিবলৈও উদগণি দিয়ে যাতে অন্যান্য শিক্ষাৰ্থীসকলেও এই দিশত প্ৰেৰণা লাভ কৰিব পাৰে৷
অনুষ্ঠানটোত মুখ্যমন্ত্ৰীয়ে কেডেটসকলে কৰা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে৷ এই প্ৰশ্নোত্তৰ শিতানত কেইবাগৰাকী কেডেটে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেওঁৰ জীৱনলৈ অহা প্ৰত্যাহ৩ানসমূহৰ কিদৰে মুখামুখি হয়, জীৱনত আগবাঢ়ি যোৱাৰ দিশত কোনবোৰ কথাত প্ৰাথমিকতা আৰোপ কৰা উচিত, মুখ্যমন্ত্ৰীয়ে সকলো সময়তে কৰ্মোদ্যম কিদৰে বৰ্তাই ৰাখে আদিকে ধৰি বিভিন্ন প্ৰশ্ন কৰে৷ এনে প্ৰশ্নসমূহৰ উত্তৰত ড॰ শৰ্মাই কয় যে কোনো মানুহৰ জীৱনেই সুষমভাৱে গতি নকৰে৷ মানুহৰ জীৱনৰ গতি যাদৃচ্ছিক কৰিয়েই সৃষ্টিকৰ্তাই নিৰ্মাণ কৰিছে৷ সেয়ে, অকল সফল হোৱাজনৰেই নহয়, বিফল হোৱাজনৰো নিজস্ব কাহিনী থাকে৷ যিকোনো প্ৰত্যাহ৩ান বা বিপদৰ সন্মুখীন হ’লে মানুহৰ জীৱন যে যাদৃচ্ছিক সেই কথা মনলৈ আনিব লাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জীৱনত বিফলতা থাকেই আৰু বিফলতাই যিমান তললৈ নমাই আনে তাক অতিক্ৰম কৰাৰ বাবে ব্যক্তি এজনে মনত দৃঢ়ভাৱ জাগৃত কৰিব লাগে৷ তেওঁ মন্তব্য কৰে যে জীৱনত সফল হ’বলৈ এটা লক্ষ্য থকাটো যিমান প্ৰয়োজনীয়, সেই লক্ষ্য পূৰণৰ বাবে সঠিক পথ নিদ্ধৰ্াৰণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ৷ সাফল্য অৰ্জনৰ বাবে কোনো চমু পথ নাথাকে আৰু এক সুস্থ প্ৰতিযোগিতাত নামিহে সফলতা অৰ্জন কৰিব লাগে বুলিও মন্তব্য কৰি তেওঁ কয় যে জীৱনত কঠোৰ পৰিশ্ৰমৰ বিকল্প নাথাকে৷ জীৱনৰ পথ কিদৰে আগবাঢ়ি যাব তাৰ বাবে পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা থাকে বুলিও তেওঁ মন্তব্য কৰে৷
মুখ্যমন্ত্ৰীয়ে কেডেটসকলক নিজ শিপাৰ সৈতে সংযুক্ত হৈ থকাৰ লগতে জীৱনৰ যাত্ৰাপথত আহি পৰা নতুন পৰিস্থিতিৰ সৈতে নিজক খাপ খুৱাই লৈ আগবাঢ়িবলৈও আহ৩ান জনায়৷ জাতিৰ পিতা মহাত্মা গান্ধী, স্বামী বিবেকানন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা উল্লেখ কৰি ড॰ শৰ্মাই কয় যে যিসকল ব্যক্তিয়ে জীৱনৰ উদ্দেশ্য উপলব্ধি কৰিব পাৰে, তেনে লোকসকলহে স্মৰণীয় হৈ ৰয়৷ তেওঁ কয় যে আনক সহায় কৰাত আগ্ৰহ থকাসকলে প্ৰথমে নিজকে উপযুক্তভাৱে গঢ় দিব লাগিব৷ পোহৰ দিবলৈ হ’লে প্ৰথমে নিজে সূৰ্য হ’ব লাগিব অন্যথা চন্দ্ৰৰ দৰে হ’লে পোহৰৰ বাবে সদায় সূৰ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব বুলি প্ৰসংগক্ৰমে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থী সমাজক সঠিক পথেৰে আগবাঢ়ি নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ৩ান জনায় যাতে তেওঁলোকে সমাজৰ বিভিন্নজনৰ বাবেও সহায়ৰ হাত আগবঢ়াব পাৰে৷ তেওঁ কেডেটসকলক নিজ অন্তৰাত্মাৰ আহ৩ানমৰ্মে জীৱনৰ কৰ্মপথ বাছনি কৰি জীৱনযাত্ৰা আগবঢ়াই নিয়াৰ লগতে সমাজ তথা দেশৰ হকে নিষ্ঠাৰে অগ্ৰসৰ হ’বলৈ পৰামৰ্শ প্ৰদান কৰে৷ তেওঁ কয় যে ব্যক্তিৰ জীৱনত মানসিক প্ৰশান্তি বৰ্তি থকাটো অতিকৈ প্ৰয়োজনীয়৷ যেতিয়া এগৰাকী ব্যক্তিয়ে হৃদয়েৰে পচন্দ কৰা কেৰিয়াৰ এটা বাছনি কৰে আৰু সেই পথত আগবাঢ়ে, তেতিয়া ব্যক্তিগৰাকীয়ে সেই কৰ্মটোকেই উপভোগ কৰে আৰু তেনে কামত তেওঁ কেতিয়াও অৱসাদ অনুভৱ নকৰে বুলি তেওঁ লগতে মন্তব্য কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে ৰাজ্য চৰকাৰে এখন ক্ৰীড়া আৰু যুৱ নীতি প্ৰস্তুত কৰি আছে আৰু তাত এন চি চি আৰু এন এছ এছক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে উপস্থিত কেডেটসকলক প্ৰীতিৰ চিনস্বৰূপে ট্ৰেকচ্যুটৰ টোপোলা একোটাও উপহাৰ হিচাপে প্ৰদান কৰে৷
অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, গুৱাহাটীস্থিত এন চি চিৰ গ্ৰnপ মুখ্য কাৰ্যালয়ৰ গ্ৰnপ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ দিনাৰ দীঘে, এন এছ এছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰ, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ উপৰি শিক্ষা উপদেষ্টা ড॰ ননীগোপাল মহন্ত উপস্থিত থাকে৷