নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ মার্চৰ পৰা গুৱাহাটী গ্রন্থমেলা

অসম প্রকাশন পৰিষদ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ অসম প্রকাশন পৰিষদৰ উদ্যোগত ঐতিহ্যমণ্ডিত গুৱাহাটী গ্রন্থমেলা অহা ১৪ মার্চৰ পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে যোৱা ২৮ ডিচেম্বৰৰ পৰা গ্রন্থমেলাখন অনুষ্ঠিত হ’ব লগা আছিল যদিও গ্রন্থমেলাখন পিছুৱাই দিব লগা হৈছিল৷ এতিয়া অহা ১৪ মার্চৰ পৰা ২৫ মার্চলৈ ১২দিনীয়া বর্ণাঢ়্য কার্যসূচীৰে ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা অনুষ্ঠিত কৰাৰ ব্যাপক প্রস্তুতি চলোৱা হৈছে৷

অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে, সমগ্র ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্রন্থ প্রকাশক আৰু গ্রন্থ বিক্রেতা সংস্থাই এইবাৰৰ গ্রন্থমেলাত অংশগ্রহণ নিশ্চিত কৰিছে৷ এই গ্রন্থমেলাতে প্রকাশন পৰিষদৰ দ্বাৰা প্রকাশিত বহুকেইখন গ্রন্থ, ৰচনাৱলী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব৷ গ্রন্থমেলা উপলক্ষে যুৱ লেখকৰ সমাৰোহ, ভাষা গৌৰৱ অনুষ্ঠান, জনগোষ্ঠীয় সমন্বয় অনুষ্ঠান, শিশু সমাৰোহ, কবি সন্মিলন, গল্পকাৰ সন্মিলন আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন আকর্ষণীয় কার্যসূচী থাকিব৷ ইয়াৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্রন্থও প্রকাশৰ ব্যৱস্থা কৰা হৈছে৷

You might also like