ড০ মালিনী গোস্বামী
ষোড়শ শতিকাৰ প্রথম দশকতে গঢ়ি উঠা বেহাৰ ৰাজ্যৰ প্রতিষ্ঠাতা বিশ্বসিংহৰ চাৰিজন প্রসিদ্ধ পুত্রৰ ভিতৰত মল্লদেৱ নৰনাৰায়ণে পৰৱর্তী ৰজা হিচাপে ৰাজপাটত উঠে আৰু ভায়েক শুক্লধ্বজ বা চিলাৰায় বা সংগ্রাম সিংহক সেনাপতি ৰূপে নিয়োগ কৰে৷ পিছৰ পাঁচটা দশকৰ ইতিহাসত দুয়োজনে ব্রহ্মপুত্র উপত্যকাৰ দুয়োপাৰে ভালেমান জয়–পৰাজয়ৰ কাহিনী ৰচি কোচ ৰাজ্যক ৰাজনৈতিকভাৱে স্মৰণীয় কৰি থৈ যায়৷ বহু যুঁজ–বাগৰৰ মাজতো দুয়োজনে এক অতি উচ্চ সাৰস্বত সৌধ গঢ়ি তুলি ভাৰতৰ পূব প্রান্তৰ বৌদ্ধিক ঐতিহ্যৰ ভেটিও দৃঢ় কৰি থৈ যায়৷
বাৰাণসী বা কাশীত দীর্ঘকাল থাকি সংস্কৃত ভাষা–সাহিত্যৰ গভীৰ অধ্যয়নেৰে সমৃদ্ধ হৈ অহা দুয়ো ভাতৃয়ে ভালেমান ৰাজ্যৰ শাসন, প্রতিৰক্ষা, পৰিবর্ধন আদিত ব্যস্ত থাকিও সমানে অসমীয়া আৰু সংস্কৃত সাহিত্যৰ চর্চা অব্যাহত ৰাখে৷ নৰনাৰায়ণ ৰজাই ৰাম সৰস্বতী প্রমুখ্যে কবিক সংস্কৃত গ্রন্থৰ আধাৰত অসমীয়া সাহিত্যৰ বিকাশত পোষকতা কৰে৷ শুক্লধ্বজ চিলাৰায়ে বহু পণ্ডিত সজ্জনৰ হতুৱাই সংস্কৃত ব্যাকৰণ–অভিধান লিখোৱাৰ উপৰি নিজে পাণ্ডিত্যপূর্ণ গৱেষণাৰে সংস্কৃত চর্চাৰ ধাৰাবাহিকতা অব্যাহত ৰাখে৷ শুক্লধ্বজৰ সকলো কামৰ ভিতৰত সবাতোকৈ পাণ্ডিত্যপূর্ণ কাম হৈছে গীতগোৱিন্দৰ ‘সাৰৱতী’ নামৰ টীকা বা ব্যাখ্যাটি৷ আজি কেৱল ‘সাৰৱতী সোঁৱৰণেৰে’ পণ্ডিত শুক্লধ্বজলৈ সন্মান জনোৱা হওক৷
কোৱা বাহুল্য যে বেদ ৰচনাৰ দিনৰ পৰা আজিলৈকে নিৰন্তৰ সৃষ্টি হৈ থকা সংস্কৃত ভাষাৰ গ্রন্থৰাজিৰ মাধুর্য আৰু গাম্ভীর্যৰ তাৎপর্যাদিৰ অৱৰোধনৰ বাবে টীকা, ভাষ্য, টিপ্পনী, ব্যাখ্যা আদি ৰচনা কৰাটো প্রয়োজন আছিল৷ বহু অর্থযুক্ত একোটা শব্দৰ প্রাসংগিক তাৎপর্য বুজিবলৈ টীকা–ভাষ্যৰ প্রয়োজন হয়৷ ইতিহাস, ভূগোল, সংগীত, দর্শন, চিকিৎসা, পশু বিজ্ঞান, উদ্ভিদ বিজ্ঞান আদি বিভিন্ন জ্ঞানৰ বিক্ষিপ্ত আলোচনা টীকাকাৰসকলে প্রয়োজনবোধে কৰিবলগীয়া হয়৷ বুজা যায়, বিষয় বিশেষৰ গভীৰ অধ্যয়ন আৰু মননশীলতাৰে টীকাসমূহ সমৃদ্ধ৷ চিলাৰায়ৰ সাৰৱতী টীকাতো এই সকলো মননশীল লক্ষণ দেখা যায়৷
দ্বাদশ শতিকাৰ গৌড় দেশৰ ৰজা লক্ষ্মণ সেনৰ সভাকবি জয়দেৱে ৰচনা কৰা গীত–গোৱিন্দম্ নামৰ অনুপম গীতিকাব্যখনে কম সময়তে ভিন্ন প্রান্তৰ নৃত্য, নাট্য, সাহিত্য, চিত্র আদি কলাক প্রভাৱিত কৰিছিল৷ আজিও ওডিচি, কুচিপুড়ী, ভাগৱত মেলাকে ধৰি কথকলৈকে বহু নৃত্যৰ সংৰচনাত জয়দেৱৰ গীত–কবিতাৰ ব্যৱহাৰ হয়৷ ভাগৱতাদি প্রাচীন কৃষ্ণ কথাৰ পৰিসীমাৰ বাহিৰত অৱস্থান কৰা জয়দেৱৰ কাব্যখন অসমৰ পূব প্রান্ততো জনপ্রিয় হৈছিল৷ শুক্লধ্বজৰ টীকাটিয়ে গীতগোৱিন্দৰ প্রসাৰত– বিভিন্ন প্রকাৰে সহায় কৰিছিল৷ শুক্লধ্বজে দুটি মংগল শ্লোকেৰে সাৰৱতীৰ প্রাৰম্ভণ ঘোষণা কৰিছে৷ কৃষ্ণস্তুতি আৰু টীকাটিৰ পৰিচয় আগবঢ়াইছে৷ ইতিমধ্যে গীতগোৱিন্দৰ প্রায় দুকুৰি টীকাৰ প্রসিদ্ধি আছিল৷ শুক্লধ্বজৰ ব্যাখ্যাটিত জগদ্ধৰ, ভগীৰথ, ৰাণাকুম্ভ আদি পূর্বৱর্তী টীকাকাৰৰ উদ্ধৃতি পোৱা যায়৷ পূর্বজ পণ্ডিতৰ মতৰ পৰা তেওঁ নিজৰ অভিমতৰ সমর্থন বিচাৰিছে৷ স্থানবিশেষে ভগীৰথ আদিৰ মতামত সবল যুক্তিৰে খণ্ডনো কৰিছে৷ সাৰৱতীত শুক্লধ্বজৰ অধ্যয়নৰ বিস্তৃতি ধৰা পৰে৷ ব্যাখ্যেয় পাঠৰ অর্থ, তাৎপর্য, ব্যাকৰণিক টোকা, অলংকাৰ, নায়িকাৰ লক্ষণ, ছন্দৰ সূত্র আদি বিভিন্ন বিষয়ৰ আলোচনাৰ প্রসংগত অমৰকোষ, বৃদ্ধ অমৰ, শাশ্বত, বিশ্ব, ধৰণী, মেদিনী, হাৰাৱলী, ৰত্নকোষ আদি কোষগ্রন্থ মালতীমাধৱ, শৃংগাৰতিলক, মুদ্রাৰাক্ষস, কর্পূৰমঞ্জৰী, ভাগৱত পুৰাণ আদি কাব্য, নাট্যশাস্ত্র, ভাৱলতা, কাব্যাদর্শ, সাহিত্য দর্পণ, সৰস্বতী কণ্ঠ ভৰণ আদি অলংকাৰ শাস্ত্র, ন্যায়কুসুমাঞ্জলি আদি দর্শন শাস্ত্রৰ উল্লেখ–উদ্ধৃতি ভুৰি ভুৰি পোৱা যায়৷ ন্যায় দর্শনত সেনাপতিজনৰ গভীৰ অধ্যয়ন আছিল আৰু নিজস্ব বিচাৰো আছিল৷
গীতগোৱিন্দত ৰাধা–কৃষ্ণৰ প্রণয়গাথা বর্ণিত হৈছে৷ উল্লেখ্য যে এনে বিষয় ভাগৱতাদি প্রাচীন গ্রন্থত পাবলৈ নাই৷ এনে এটি বিষয়ৰ ব্যাখ্যা লিখিবৰ সময়ত টীকাকাৰজনে বিভিন্ন ৰতিশাস্ত্রও আলোচনা কৰিবলগীয়া হৈছে৷ স্মর্তব্য যে ব্যক্তি আৰু সমাজ জীৱনক সুস্থ আৰু পৰিশীলিত ৰূপ দিবলৈ ভাৰতীয়সকলে সংস্কৃত আৰু প্রাকৃত ভাষাত বহুসংখ্যক কামশাস্ত্র ৰচনা কৰিছিল৷ ধর্ম–র্থ–কাম–মোক্ষ্– এই চাৰি পুৰুষার্থৰ তৃতীয় পুৰুষার্থটিৰ অনুশাসনৰ বাবে অতি কঠোৰ নীতি–নিয়মেৰে সংযত ভাষাত এই বিষয়ৰ চর্চা কৰা ভাৰতেই বোধকৰো একমাত্র দেশ৷ সাৰৱতী টীকাত কামসূত্র, কামতন্ত্র, ৰসিকসর্বস্ব, নাগৰসর্বস্ব নামৰ চাৰিখন প্রাচীন ৰতিশাস্ত্রৰ সূত্র–বিধি–নিষেধ, নায়িকাভেদ আদিৰ উল্লেখ উদ্ধৃতিৰে গীতগোৱিন্দৰ ভাৱ–ভাষাক ব্যাখ্যা কৰা হৈছে৷
সাৰৱতী টীকাৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে ইয়াত জয়দেৱে প্রয়োগ কৰা ৰাগসমূহৰ ধ্যান বা চাক্ষুস বর্ণনা কৰা হৈছে৷ শুক্লধ্বজে মিথিলাৰ প্রসিদ্ধ নৃত্যসংগীত–শাস্ত্রক্ শুভংকৰৰ সংগীতদামোদৰৰ ৰাগধ্যানসমূহ উদ্ধৃত কৰি ৰাগ–ৰাগিনীসমূহ ব্যাখ্যা কৰিছে৷ প্রধানকৈ ৰামকিৰী ভৈৰৱী, ৱড়াৰী, কর্ণাট, বসন্ত আদি ৰাগৰ ধ্যানমন্ত্রসমূহ উদ্ধৃত কৰা হৈছে৷ তেনে ব্যাখ্যাৰ পৰা সংগীত শাস্ত্রত শুক্লধ্বজৰ জ্ঞানৰ গভীৰতা বুজিব পাৰি৷ সেয়েহে জগতানন্দ ৰামৰায়ৰ কন্যা কমলাপ্রিয়াই গোৱা শংকৰদেৱৰ বৰগীত শুনিয়েই ৰসিক সেনাপতিজনে গায়িকাৰ প্রেমত পৰিছিল আৰু কমলাপ্রিয়াক বিয়া কৰাই সংগীত চর্চাৰ সুবিধাও দিছিল আৰু পিছলৈ শংকৰদেৱৰ পাণ্ডিত্য আৰু সংগীত কলাত ব্যুৎপত্তিৰ বিষয়ে ৰজা নৰনাৰায়ণক সৈমান কৰাই স–সন্মানে কোচ ৰাজসভাত স্থানো দিয়াইছিল৷ আনকি ফুলবাৰীত নিজৰ বাসস্থানৰ ওচৰতে শংকৰদেৱৰ বাবে বহা সজাই নিজ ৰাজ্যত থাপিছিল৷ গুণীৰ গুণৰ মোল বুজা শুক্লধ্বজে এনেদৰে নিজৰ উদাৰতাও প্রমাণ কৰি গৈছে৷
শুক্লধ্বজৰ অনুৰোধত ৰামবিজয় নাট ৰচনা কৰি শংকৰদেৱে তেওঁক ‘ৰসিক সুজান’ বুলি প্রশংসা কৰিছে৷ আকৌ কৈছে– পৰম ৰসিক গুৰু/শ্রীশুক্লধ্বজ ৰাজা/নৃপতি প্রধানা৷৷
অতি কষ্ট–কল্পনা হ’লেও ৰামবিজয় নাটৰ শেষৰ গীতটি লিখাৰ আগতে শংকৰদেৱে সাৰৱতী পঢ়ি অতাইছিল বুলি ভাবিবৰ মন যায়৷ কিয়নো সাৰৱতীৰ আৰম্ভণি আৰু সমাপ্তিৰ শ্লোকৰ লগত ৰামবিজয় নাটৰ শেষৰ গীতটোৰ শব্দ, অর্থ আৰু ভাবৰ সাদৃশ্য লক্ষণীয়৷ প্রমাণ কৰিবলৈ বহল আলোচনাৰ প্রয়োজন৷ তথাপি ক’ব খোজোঁ যে কোনো ৰচনাতে ‘নৱবধূ’ৰ আচৰণ উল্লেখ নকৰা শংকৰদেৱে পৰিণত বয়সৰ ৰচনাত– ‘নৱবধূ ধৰিয়ে/অধৰ মধু ধঞ্চল/লোচন মুদি ৰহু মাই৷৷– ইত্যাদি উল্লেখ কৰিছে৷ তেনে ঠাইত সাৰৱতী টীকাৰ ‘ৱশ্যা শ্রীজয়দেৱ পণ্ডিত কাৱের্ৱাণী… নৱীনাঙ্গনা/ন প্রায়েণ নিৱেশিতুং… শ্রীয়ং স্বয়ং কিঞ্চন৷’’…৷’ ইত্যাদিৰ সাদৃশ্যই আলোচকৰ চিন্তা টানি ধৰাটো একো অযুগুত নহয়৷ সমগ্র গীতটোৰ শব্দ–চয়নো মন কৰিবলগীয়া৷
কোচ ৰাজসভাৰ আন এজন সভাপণ্ডিত ৰত্নাকৰ কন্দলীয়ে জগদ্ধৰৰ টীকাৰ আলমত সাৰদীপিকা নামে গীতগোৱিন্দৰ এটা টিপ্পনী লিখে৷ শুক্লধ্বজৰ অনুৰোধতে এই ৰচনাটি প্রস্তুত কৰা বুলি কন্দলীয়ে কৈ গৈছে৷ ধৃতিদাস নামে অসম বা বংগদেশ বা উৰিষ্যাৰ এজন টীকাকাৰে সন্দর্ভদীপিকা নামে একে গ্রন্থৰ টীকাত ‘মহাৰায় শুক্লধ্বজ’ক প্রশংসা কৰিছে৷ বুজা যায় কোচ ৰজাৰ সেনাপতিজন সংস্কৃত পণ্ডিত ৰূপে দূৰ দেশতো পৰিচিত আছিল৷
অসমৰ গৌৰৱ প্রয়োগৰত্নমালা ব্যাকৰণৰ প্রসংগত ৰাজভাতৃদ্বয়ৰ পৃষ্ঠপোষকতা স্মৰণীয়৷ সম্পূর্ণ নিজস্ব ৰীতিৰে বর্ণমালা নির্ধাৰণ কৰি ‘সকলোৰে বাবে সংস্কৃত’ নীতিক সাৰোগত কৰি পণ্ডিতপ্রৱৰ পুৰুষোত্তম বিদ্যাবাগীশ ভট্টাচার্যই ৰচনা কৰা প্রয়োগৰত্নমালা আজিও বহু পাঠ্যক্রমৰ অন্তর্ভুক্ত৷ তদুপৰি হেমচন্দ্র বৰুৱাই হেমকোষ প্রণয়নৰ সময়তো নৰনাৰায়ণ–চিলাৰা অনুমোদিত প্রয়োগৰত্নমালাৰ ‘অকাৰাদি ক্ষকাৰান্তা বর্ণমালানুৱর্তন্তে’ সূত্রহে মানি চলিছে৷ পাণিনিৰ ‘শিৱসূত্রজাল’ৰ প্রভাৱ ইয়াত ধৰা পেলোৱা টান৷ এনেদৰে সংস্কৃতজ্ঞ সেনাপতি শুক্লধ্বজৰ পাণ্ডিত্যই ভাৰতৰ পূব প্রান্তৰ বৌদ্ধিক পৰিমণ্ডলৰ স্বাক্ষৰ ৰাখি থৈ গৈছে৷
লেখক অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য
ফোনঃ ৯৮৬৪০৩৮১৮৬