নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ বাল্যবিবাহ বিবাহবিৰোধী অভিযানৰ সমৰ্থনত ৰঙিয়াত মহিলাৰ বৃহৎ সমদল। ধাৰাবাহিকভাৱে বাল্যবিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ সমৰ্থনত এই সমদল। মঙলবাৰে ৰঙিয়াত ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ নেতৃত্বত তথা ৰঙিয়া পৌৰসভাৰ সহযোগৰ লগতে ৰঙিয়াৰ স্থানীয় ৰাইজে বাল্য বিবাহ বিৰোধী অভিযানৰ সমৰ্থনত এই সমদল উলিয়ায়। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ পৰা ৰঙিয়া নগৰৰ মাজ মজিয়াৰে উলিওৱা এই সমদলত সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে। সমদলকাৰী সকলে ‘বাল্য বিবাহ বন্ধ কৰক’,’মুখ্যমন্ত্ৰী জিন্দাবাদ’,’মহিলা শক্তি জিন্দাবাদ’ আদি ধ্বনিৰ মুখৰিত কৰি ৰঙিয়া নগৰ।
#ফাৰুক হুছেইন