বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ সকলোতে মাত্ৰ দুৰ্নীতিৰ ৰেশ। হাজোত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছতে ৰঙিয়াতো একেই দশা হৈছিল সততে নিকা ভাবমূৰ্তিৰে দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ থকা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। কিন্তু ইমানতে অন্ত পৰাই দুৰ্নীতিৰ। এইবাৰ বৰপেটা। বৰপেটাতো নাম-ফলকহীন পথেৰে চিন-মোকাম নোহোৱা পথ নিৰ্মাণৰ অভিলেখ। তিনিটা পথৰ বিপৰীতে আবণ্টিত ২৮ লাখৰ কোনো চিন-চাবেই নাপালে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে। আজি বৰপেটাত উপস্থিত হৈছিল দলটো। সাংসদ পুঁজিৰ আবণ্টিত পথ নিৰ্মাণৰ ধনৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উঠা অজিত ভূঞাৰ বিৰুদ্ধে নামি পৰিছে চিএম ভিজিলেঞ্চ। সেই সূত্ৰে আজি বৰপেটা চহৰত পথ নিৰ্মাণৰ বাবে আৱণ্টিত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পূঁজিৰ ধনৰ তদন্তৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল। উল্লেখ্য যে বৰপেটা চহৰখনৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে ৮ লাখ টকা, ২নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বীৰেন দাসৰ ঘৰলৈ পথটোৰ বাবদ ১০ লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বিনী দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে আৱণ্টিত হৈছিল ১০ লাখ টকা। উল্লিখিত পথ তিনিটা নিৰ্মাণৰ বিপৰীতে আবণ্টিত হৈছিল মুঠ ২৮ লাখ টকা। কিন্তু আজি মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদৰাকী শাখৰ দলটোৱে কৰা চৰজমিন তদন্তৰ কালত এটাও পথত দেখা পোৱা নগ’ল আঁচনিৰ তথ্যসম্বলিত কোনো ফলক। লগতে পথকেইটাৰ নিৰ্মাণ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত একোখনকৈ স্থানীয় লোকৰ দ্বাৰা গঠিত কমিটী থকাটো বাধ্যতামূলক যদিও তিনিওটা পথৰ কমিটীৰ বিষয়ে একো অৱগত নহয় স্থানীয় লোক। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দুজনীয়া দলটোৱে কৰা চৰজমিন তদন্ত কালত স্থানীয় লোকক সোধা-পোচা কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য। তদন্তকাৰী দলটোৱে আজি বৰপেটাত উপস্থিত হৈ প্ৰথমে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায় আৰু জিলা উন্নয়ন শাখাৰ পৰা যাৱতীয় নথি-পত্ৰসমূহ সংগ্ৰহ কৰে আৰু তাৰ পিছত পথকেইটাৰ চৰজমিন তদন্ত আৰম্ভ কৰে। প্ৰাথমিক অনুসন্ধান কালত দলটোৱে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য ৰখাৰ বিৰত থাকে।