নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভোলানাথ কলেজৰ নাকৰ মূল্যায়নত এ+ গ্ৰেড লাভ

নিয়মীয়া বাৰ্তা, ৮ ফ্ৰেবুৱাৰীঃ ধুবুৰীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ভোলানাথ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (চমুকৈ NAAC)ৰ মূল্যায়নত ‘এ’ প্লাছ (A+) গ্ৰেড লাভ কৰিছে। এই বাতৰি পোৱাৰ পিছত যোৱাকালিৰে পৰা মহাবিদ্যালয়খনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ। ইতিমধ্যে যোৱাকালিয়েই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম ফেচবুক যোগে NAACৰ মূল্যায়ণত ‘এ’ প্লাছ গ্ৰেড পোৱা বাবে মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষাগুৰু, কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ঠিক অনুৰূপে, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও যোৱাকালি সামাজিক মাধ্যম ফেচবুকত ভোলানাথ মহাবিদ্যালয় ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (NAAC)ৰ গ্ৰেড স্কেলত ৩.৪৬ পইণ্ট লাভেৰে ‘এ’ প্লাছ মূল্যায়ন প্ৰাপ্ত কৰা বুলি জানিবলৈ পাই আনন্দিত হোৱা বুলি সদৰি কৰিছে। উল্লেখ্য যে, পশ্চিম অসমৰ উচ্চ শিক্ষাৰ আটাইতকৈ পুৰণি শিক্ষানুষ্ঠানবোৰৰ এখন হ’ল ধুবুৰীৰ এই ভোলানাথ মহাবিদ্যালয়। মূলতঃ লক্ষীপুৰ এষ্টেট (Estate)ৰ জমিদাৰ প্ৰয়াত ভোলানাথ চৌধুৰীৰ পৰিয়ালৰ অনুদানেৰে স্বাধীনতাৰ পূৰ্বে ১৯৪৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল সমৃদ্ধিশালী ইতিহাসবাহী এই মহাবিদ্যালয়খন।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like