বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ এক ইতিহাস ৰচনা কৰি সাধাৰণ যাত্ৰীৰ বাবে অসমৰ আকাশ মাৰ্গত উৰিল পৱন হংস হেলিকপ্টাৰ। উজনিৰ পৰা নামনিলৈ যাত্ৰীৰ দূৰত্ব চমু চপাই কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পৱনহংস লিমিটেডে আজিৰ পৰা অসমৰ চাৰিখন জিলা সংযোগী ছটা পথত হেলিকপ্টাৰ সেৱাৰে এক যুগান্তকাৰী ইতিহাসৰ সূচনা কৰিলে। ডিব্ৰুগড়-যোৰহাট-তেজপুৰ-গুৱাহাটীলৈ। আকৌ পুনৰ গুৱাহাটীৰ পৰা তেজপুৰ-যোৰহাট-ডিব্ৰুগড় সংযোগী পথত এই হেলিকপ্টাৰ সেৱা আজিৰে পৰা সুভাৰম্ভ কৰা হৈছে। জিলা কেইখনৰ বাসিন্দাসকলৰ বাবে যাতায়তৰ ক্ষিপ্ৰতম সুবিধা হিচাপে আৰম্ভ হোৱা এই সেৱাই,বাণিজ্য তথা পৰ্যটন খণ্ডত এক অভূতপূৰ্ব উত্থান ঘটিব বুলি আশা কৰা হৈছে।ইফালে আজি প্ৰথম দিনাই পৱন হংস হেলিকপ্টাৰ সেৱা গুৱাহাটীৰ পৰা উৰণ আৰম্ভ কৰি তেজপুৰ,যোৰহাট হৈ বিয়লি ৩:১০ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰে প্ৰথমখন পৱন হংস হেলিকপ্টাৰ।অৱশ্যে আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰথম দিনা যাত্রী অবিহনেই,মোহনবাৰীত অৱতৰণ কৰে হেলিকপ্টাৰ খনে।প্ৰতি সোম,বুধ আৰু শুক্ৰবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা পুৱা ৮:৫০ বজাত উৰণ আৰম্ভ কৰি যোৰহাটৰ ৰ’ৰৈয়া বিমানকোঠত ৯:৩৫ বজাত অৱতৰণ কৰি তেজপুৰৰ পৰা ১০:৫৫ উৰণ আৰম্ভ কৰি গুৱাহাটীত ১১:৪৫ বজাত অৱতৰণ কৰি গুৱাহাটীৰ পৰা দুপৰীয়া ১২:১৫ বজাত পুনৰ একে পথৰে ডিব্ৰুগড়লৈ যাত্ৰা কৰিব।ডিব্ৰুগড়ৰ পৰা আগন্তুক ১৩ ফেব্রুৱাৰীৰ পৰাহে যাত্ৰীসহ পূৰ্ণকালিন ভাৱে এই সেৱা কাৰ্যকৰী হৈ উঠিব বুলি জানিব পৰা গৈছে। এই নৱতম হেলিকপ্টাৰ সেৱাৰ সন্দৰ্ভত ডিব্ৰুগড় বিমান বন্দৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহী হোৱা দেখা গৈছে।
প্ৰেৰক বিভাস দুৱৰা