নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত অজিত ভূঞাৰ সাংসদ পুঁজিৰ দুৰ্নীতিৰ তদন্ত পিডব্লিউডিৰ বিষয়াসহ ভিজিলেঞ্চৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী: ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত আজি লোকনিৰ্মাণ বিভাগৰ অভিযন্তাকলৈ ৰঙিয়াত পুনৰ চৰজমিন তদন্ত কৰে চিএম ভিজিলেঞ্চৰ দলে। যোৱা সোমবাৰে চিএম ভিজিলেঞ্চৰ এটা দলে ৰঙিয়াত উপস্থিত হৈ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰে পথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতি সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল। প্ৰাথমিক তদন্ততে সাংসদ গৰাকীৰ পুঁজি ব্যয়ত যথেষ্ট অনিয়ম হোৱা বুলি ভিজিলেঞ্চৰ দলটোৱে তথ্য লাভ কৰিছিল। ইয়াৰ পিছতে উক্ত তদন্তৰ অংশ হিচাপে আজি ভিজিলেঞ্চৰ দলটোৱে গুৱাহাটীৰ পৰা লোকনিৰ্মাণ বিভাগৰ কাৰিকৰী বিষয়াক লগত লৈ ৰঙিয়াৰ কেবাটাও পথৰ পুনৰ তদন্ত কৰে। দলটোৱে পথ কেইটাৰ অনিয়মৰ কেলেংকাৰী সন্দৰ্ভত চৰজমিন তদন্ত কৰি পুনৰবাৰ ৰাইজৰ ভাষ্য গ্ৰহণ কৰে। লোকনিৰ্মাণ বিভাগৰ বিষয়া দুগৰাকীয়েও সাংসদ পুঁজিৰে নিৰ্মাণ কৰা বুলি দেখুওৱা পথৰ স্থানীয় ৰাইজৰ ভাষ্য গ্ৰহণ কৰে। আজিও সাংসদ পুঁজিৰে নিৰ্মাণ কৰা বুলি দেখুওৱা পথৰ কোনো চিন মোকাম দেখিবলৈ নাপালে দলটোৱে। উল্লেখ্য যে ৰঙিয়া সমষ্টিৰ ৫ টাকৈ পথ নিৰ্মাণৰ নামত সাংসদ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। ৰঙিয়াৰ কৃষ্ণ মন্দিৰ পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ টকা , ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ নামত ১৫ লাখ, চেপ্তি-বিহদিয়া পথৰ পৰা নকুছি পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ১নং তুলসীবাৰীৰ পৰা বঙালী চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, নকুছি পামৈ চুবা পথৰ পৰা শৰ্মা চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, খৈৰাবাৰী বড়ো চুবাৰ পৰা বসুমতাৰী চুবা পথ নিৰ্মাণৰ নামত ১৪ লাখ টকা আবণ্টন দিয়া হৈছে। সাংসদ পুঁজিৰ ধনৰ এই কাম সমূহৰ কোনো এটা ঠাইতে এখন ফলক পৰ্য্যন্ত আঁৰি থোৱা পৰিলক্ষিত হোৱা নাই। পথ নিৰ্মাণৰ কথা নাজানে স্থানীয় ৰাইজে । উচিত তদন্তৰ দাবী স্থানীয় ৰাইজৰ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like