বকোত দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন
নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক ছাত্ৰ সন্থাৰ গোট দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে ১২ ফেব্ৰুৱাৰীত উদযাপন কৰি আহিছে শ্বহীদ দিৱস। বিগত বছৰবোৰৰ দৰে আজি ১২ ফেব্ৰুৱাৰীৰ দিনা ছাত্ৰ সন্থাই আয়োজন কৰিছে শ্বহীদ দিৱসৰ কাৰ্য্যসূচী। কামৰূপ জিলাৰ দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা আৰু সাধাৰণ সম্পাদক ম: অজিত আলীয়ে জনোৱা মতে ; আজি দিনযোৰা বিস্তৃত কাৰ্য্যসুচীৰে আয়োজন কৰা হৈছে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্য্যসূচী। বকোত ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰি সভাপতি মানস প্ৰতীম শৰ্মা ই শুভাৰম্ভ কৰা অনুস্থানৰ আত ধৰে প্ৰাক্তন সভাপতি পৱন কলিতাই। ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজিত আলীৰ তৎপৰতাত আয়োজন কৰা শ্বহীদ দিৱসত স্মৃতি তৰ্পণ কৰে শ্বহীদ পৰিয়ালৰ লোকে। কাৰ্য্যসূচী অনুসৰি স্মৃতিচাৰণ সভা আৰু সম্বোৰ্ধনা অনুস্থান ৰূপায়ণ কৰা হয়। অনুস্থানত আই মাতৃ সমাজৰ নাম প্ৰসংগ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। সভাপতি মানস প্ৰতীম শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হয় সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু সম্বোৰ্ধনা অনুস্থান। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত আধ্যাত্মিক ধ্যান ধাৰণাৰ ওপৰত আলোকপাত কৰি ভাগৱত পাঠ কৰে বৈষ্ণৱ গুৰু কেশৱ মহন্তই, কোৰাণ পাঠ কৰে মৌলানা ম: হাইজুদ্দিন চাহাবে, বাইবেল পাঠ কৰে হিতেশ ৰাভা আৰু গোবিন্দ বড়োই। অনুস্থানত প্ৰায় ছয় টা আই মাতৃ সমাজৰ নামতি দলৰ নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়। এক মাংগলিক পৰিবেশত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম শ্বহীদ নিৰ্যাতিত সমন্বয়ৰক্ষী পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰ, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা ;জয়দেৱ অধিকাৰী, চামাদ আলী, প্ৰাক্তন ছাত্ৰ নেতা পৱন কলিতা, ধনঞ্জয় মেধি, বশিষ্ঠ দেৱ শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট অতিথি তথা প্ৰাক্তন ছাত্ৰ নেতা। অনুস্থানত অসম আন্দোলনৰ পটভূমিত মৃত্যু বৰণ কৰা জাতীয় শ্বহীদক স্মৰণ কৰা হয় আৰু বকো অঞ্চলৰ সাত গৰাকী শ্বহীদ পৰিয়ালৰ লোকক সম্বোৰ্ধনা জনোৱা হয়। ইফালে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ নেতা গিৰিধৰ বড়োই।
প্ৰেৰক বিষ্ণু ৰাম দাস