নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ভাগ্যজনক! পৰীক্ষালৈ মাজত আছিল মাত্ৰ ৩ দিনঃ পাঠশালাত ছাদৰ পৰা পৰি মৃত্যু মেধাবী ছাত্রীৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষালৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকাৰ সময়তে আজি পুৱা এক শোকাৱহ আৰু হৃদয়বিদাৰক ঘটনাই জোকাৰি গ’ল অসমৰ শিক্ষা নগৰী পাঠশালাক। এটা তিনিমহলীয়া ছাত্রীৰ পেয়িং গেষ্ট অট্টালিকাৰ পৰা তললৈ সৰি পৰি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া এগৰাকী মেধাবী ছাত্রী থিতাতে মৃত্যু হোৱাৰ ঘটনাই শোকাবিভূত কৰিতোলে অঞ্চলটোৰ ৰাইজক।

উল্লেখ্য যে অহা ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিতব্য উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়’ৰ কলেজৰ বিজ্ঞান শাখাৰ পৰা অৱতীৰ্ণ হবলগীয়া অতি মেধাবী ছাত্রী হৃষিতা দাসে পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰী নামৰ ব্যক্তি এগৰাকীৰ পেয়িং গেষ্ট আবাসত থাকি পঢ়া শুনা কৰি আহিছিল। বাঘমাৰা শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰ লাভ কৰি পাঠশালাত পঢ়িবলৈ অহা বাঘমাৰাৰ শুকিলাপাৰ নিৱাসী অৰুণ দাসৰ কন্যা হৃষিতাই সমাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে দিনে নিশাই পঢ়া শুনা কৰি আছিল। পঢ়া শুনাৰ লগতে সংগীতত ৰাপ থকা সুন্দৰ কণ্ঠৰ অধিকাৰী হৃষিতাই আজি পুৱা পঢ়া টেবুলৰ পৰা উঠি গা পা ধুই অট্টালিকাটোৰ ওপৰৰ চাদলৈ কাপোৰ মেলিবলৈ যাওতে দুৰ্ভাগ্যজনকভাৱে তললৈ সৰি পৰে আৰু অতি শোকাৱহভাৱে মৃত্যু মুখত পৰে।

চাদৰ ওপৰভাগ সম্পূর্ণৰূপে উন্মুক্ত হৈ থকা বাবেই ছাত্রীগৰাকী এনেদৰে তললৈ পৰি মৃত্যুক আকোৱালি লবলগীয়া হোৱা বুলি চৰ্চিত হৈছে। উল্লেখ্য যে পাঠশালাত যধে-মধে যথেষ্ট সংখ্যক পেয়িং গেষ্ট আৱাস গঢ় লৈ উঠিছে যদিও অধিকাংশৰে কোনো সুৰক্ষামূলক ব্যৱস্থা নোহোৱাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰাও কোনোধৰণ হস্তক্ষেপ নোহোৱাৰ ফলত একাংশ লোকে নীতি নিয়ম অবিহনে ব্যবসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে৷

আজিৰ এই শোকাৱহ ঘটনাৰ পিছতে এই পেয়িং গেষ্ট আৱাসসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ আৰু এই ক্ষেত্ৰত সচেতন ৰাইজে প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে৷ তীক্ষ্ণ মেধাৱী ছাত্ৰীগৰাকীৰ এই শোকাৱহ মৃত্যুৰ ঘটনাই সমগ্ৰ পাঠশালা আৰু বাঘমাৰা অঞ্চলত শোকৰ ছাঁ পেলাইছে৷ এই শোকাৱহ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত বজালী আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি বৰপেটাৰ ফকৰুদ্দিন আলী আহমেড মেডিকেল কলেজ হস্পিতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like