ৰানৱে’ৰ পৰা আঁতৰি ৩ টুকুৰা হ’ল যাত্ৰীবাহী বিমান; চাওক ভিডিঅ’
নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বুধবাৰে তু্ৰ্কীৰ ইস্তানবুলত অৱতৰণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বিমান । এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ১ জন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ১৫৭ জন লোক গুৰুতৰভাৱে আহত হয় ।
উল্লেখ্য যে বুধবাৰে তু্ৰ্কীৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৬.১৮ বজাত ১৮৩ জন যাত্ৰী কঢ়িয়াই লৈ অহা তুৰ্কী পেগাছছ এয়াৰলাইনছৰ এখন বিমান ইস্তানবুলৰ ছবিহা গোৰছেন আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণৰ সময়তে ৰানৱে’ৰ পৰা আঁতৰি আহে । যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈ তিনিটা টুকুৰা হয় বিমানখন ।
চাওক এই ভয়ংকৰ ভিডিঅ’-
#pegasus #İstanbul #Turkey PEGASUS BOEING 737 plane crash …hope everyone are safe …. pic.twitter.com/hPcN0cokVC
— Narendran (@naren156258) February 5, 2020