নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তিপূৰ গোর্খা সমাজ শিৱ মন্দিৰৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ শান্তিপূৰ গোর্খা ৰাইজৰ উদ্যোগত শনি  আৰু দেওবাৰে বিস্তৃত কায্যসূচীৰে  শান্তিপূৰ গোর্খা সমাজ শিৱ মন্দিৰৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি পৰে। ১৯৯৮ চনতে স্থাপন হোৱা মহিমা মণ্ডিত শিৱ মন্দিৰভাগিয়ে পচিশটা বছৰ সম্পূৰ্ণ কৰা ক্ষণটো  অতি আড়ম্বৰ পূৰ্ণ আধ্যাত্মিক কায্যসূচীৰে আয়োজন কৰি  প্ৰথম দিনা   শনিবাৰে পুৱা  আঠ বজাত  শিৱ পূজাৰে আৰম্ভ কৰে  । ইয়াৰ সমান্তৰাল ভাবে  দিনৰ ভাগত  খেল ধেমালি প্ৰতিযোগিতা অনুষ্টিত হয়।  নিশা লৈ নাম সংকীৰ্তননেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰে। দেওবাৰে পুৱা  চাফাই কাৰ্যসূচীৰে  আৰম্ভ কৰি  পুৱাৰ পূজা সম্পন্ন কৰে। দহ বজাত ধৰ্মীয় তথা সাংস্কৃতিক  শোভযাত্রাত বিভিন্ন ধৰ্মালম্বী লোকে অংশ গ্ৰহণ কৰে  । দুপৰীয়া  কবিতা আবৃত্তি প্ৰতিযোগিতা , সৃষ্টি মূলক নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।  বিয়লি পৰিবেশন কৰা হয়  আমন্ত্ৰিত  ভৈলী, জেং বিহু, আৰু ঝুমুৰ নৃত্য ।   গধূলি সাত বজাত   মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ।  হোমেন ৰায় ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মূখ্য অতিথিৰ আসনত থাকে ক্ৰমে   আগছু ৰ ডিব্ৰুগড় জিলাৰ সভাপতি দীপক নেৱাৰ ,সাংবাদিক স্মৃতি ৰেখা কলিতা,  বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচন  ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তাপস দাস, হিন্দী বাতৰি কাকত পূৰ্বাঞ্চল প্ৰহৰীৰ  সাংবাদিক   অক্ষয় প্ৰণৱ কলিতা , সুৰজ ছেত্ৰী, সঞ্জয়  তামাং  কেন্দ্ৰীয় সমিতিৰ সদস্য   বিনোদ উপাধ্যায়    আদি উপস্থিত থাকে । নিশালৈ আমন্ত্ৰিত অতিথিৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানেৰে ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি পৰে।

 

 

You might also like