নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী গুৱাহাটী পৰিগণিত বিষাক্ত চহৰ ৰূপেঃ শ্বাস–প্রশ্বাসজনিত অসুবিধাত আক্রান্ত ৩৫টাকৈ শিশু, জিএমচিএইচত ভর্তি

  • বিপজ্জনকভাৱে অৱনমিত গুৱাহাটীৰ প্রদূষণৰ মাত্রা
  • বিগত ১২ ঘণ্টাত একিউআই ৪০০লৈ বৃদ্ধি
  • পূর্বৰ সকলো অভিলেখ ভংগ বায়ু গুণাগুণৰ সূচাংকৰ

নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: বিষাক্ত চহৰ ৰূপে পৰিগণিত হৈছে গুৱাহাটী মহানগৰ৷ অভাৱনীয় বায়ু প্রদূষণৰ ফলত ভয়াৱহ পর্যায়লৈ গতি কৰিছে ৰাজধানী চহৰ গুৱাহাটী৷ উল্লেখ্য যে বিগত পাঁচ মাহতকৈ অধিক সময় ধৰি বৰষুণ নোহোৱাৰ লগতে চহৰখনত চলি থকা ব্যাপক হাৰত নির্মাণকার্যই গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল ঢ়াকি পেলাইছে ধূলিৰে৷ কার্যতঃ প্রায় প্রতিদিনে বৃদ্ধি পাইছে গুৱাহাটীৰ প্রদূষণৰ মাত্রা৷ পূর্বৰ সকলো অভিলেখ ভংগ কৰি বায়ু মান সূচাংক (একিউআই) বৃদ্ধি হোৱাই নহয়, মঙলবাৰৰ পুৱাৰ ভাগৰ সময়ছোৱাত একিউআই ৪০০ৰ ওচৰ চাপিছিল৷ এনে অৱস্থাত গুৱাহাটীত শ্বাস–প্রশ্বাস লোৱাটো বিপজ্জনক হোৱাৰ লগতে, প্রদূষণে মানৱ শৰীৰলৈ নমাই আনিছে একপ্রকাৰ ভাবুকি৷

একমাত্র গুৱাহাটীয়েই নহয়, প্রদূষণৰ মাত্রাই ভয়াৱহ ৰূপ লৈছে নগাঁও আৰু নলবাৰীতো৷ জলবায়ুৰ পৰিৱর্তনে নমাই আনিছে এনে অশনি সংকেত৷ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত একিউআই নিম্নগামী হোৱাৰ ফলত সবাতোকৈ বিপদত পৰিছে কণ কণ শিশুসকল৷ বয়োজ্যেষ্ঠসকলো সন্মুখীন হৈছে শ্বাস–প্রশ্বাসজনিত সমস্যাত৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জিএমচিএইচ) তথ্য অনুসৰি কালিৰ দিনটোত বায়ু প্রদূষণৰ এনে সমস্যাৰ ফলত বিভিন্ন ৰোগত আক্রান্ত ৩৫টা শিশু চিকিৎসাধীন হ’বলগা হৈছে৷ ইয়াৰে ২৫টা শিশু শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হৈছে৷

ইফালে, জিএমচিএইচৰ লগতে গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো বহুত জ্যেষ্ঠ লোকে শ্বাস–প্রশ্বাসজনিত সমস্যাৰ সন্মুখীন হৈ চিকিৎসাধীন হোৱা বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে বৰষুণৰ অভাৱত ধূলিময় হৈ পৰা গুৱাহাটীত পৌৰ নিগমক পানী ছটিওৱাৰ বাবে বিভিন্ন পক্ষৰ পৰা আবেদন কৰা হৈছিল যদিও নিগমে এতিয়ালৈ কোনো কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ এনে অৱস্থাত চহৰখনত চলি থকা অবাধ নির্মাণকার্যই প্রতিদিনে বায়ু প্রদূষণৰ মাত্রা বৃদ্ধি কৰাই নহয়, চিমেণ্ট আৰু মাটিৰ ধূলিকণাই বায়ুমণ্ডল ছানি ধৰাৰ ফলত আহিবলগা বৰষুণতো বাধাৰ সৃষ্টি কৰিছে৷

মঙলবাৰৰ দিনটোত মেঘাচ্ছন্ন হৈ পৰা গুৱাহাটীৰ আকাশত এজাক বৰষুণে এনে বিষময় পৰিৱেশৰ পৰা পৰিত্রাণ দিব বুলি ধাৰণা কৰা হৈছিল যদিও ধূলিকণাৰ প্রচ্ছেদ ফালি বৰষুণৰ টোপাল ধৰাত পৰিবলৈ সক্ষম নহ’ল৷ একপ্রকাৰ বায়ুমণ্ডল বিষাক্ত কৰি তোলা প্রদূষণে বৰষুণ অহাতো বাধাৰ সৃষ্টি কৰিছে৷ পৰিস্থিতি এই পর্যায়ত থাকিলে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত প্রদূষণে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰাটো নিশ্চিত৷

You might also like