অর্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায়
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মহাবীৰ চিলাৰায়ৰ স্মৃতিত অসম চৰকাৰে প্ৰদান কৰি অহা বীৰ চিলাৰায় বঁটা, ২০১৯ আগবঢ়োৱা হৈছে ক্ৰীড়াবিদ, অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱালৈ । সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত অহা ৯ ফেব্রুৱাৰীৰ দিনা ১২ বজাত বঙাইগাঁৱৰ আই টি আই ফিল্ডত বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিতব্য এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সন্মানীয় এই বঁটাটো বৰুৱাক প্রদান কৰিব৷ বঁটাত আছে নগদ তিনি লাখ টকাৰ লগতে এখন প্রশস্তি–পত্র আৰু এখন অংগবস্ত্র৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰী, পর্যটনমন্ত্রী চন্দন ব্রহ্ম আৰু সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে সন্মানীয় অতিথি ৰূপে তথা বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে বিশিষ্ট অতিথি ৰূপে বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকিব৷
উল্লেখ্য যে ১৯৩৭ চনৰ ৩ ছেপ্ঢেম্বৰত শিৱসাগৰত জন্মগ্রহণ কৰা বৰুৱাই ১৯৬০ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰে৷ বৰুৱাই ১৯৬৩ চনত নতুন দিল্লীত আয়োজিত অল ইণ্ডিয়া অ’পেন এথলেটিকছ মীটত ৰীলেত প্রথম, ১৯৬৪ চনত শ্রীলংকাৰ অ’পেন এথলেটিকছত চাৰিশ আৰু আঠশ মিটাৰ দৌৰত প্রথম স্থান দখল কৰিছিল৷ চণ্ডীগড়ত আয়োজিত ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতা আৰু বাংগালুৰুত অনুষ্ঠিত ১৯৬৪–৬৫ চনৰ ৰাষ্ট্রীয় এথলেটিক প্রতিযোগিতাত তেওঁ স্বর্ণপদক লাভ কৰে৷ ১৯৬৬ চনত বেংককত আয়োজিত পঞ্চম এছিয়ান গেমছত আঠশ মিটাৰ দৌৰত স্বর্ণপদক লাভ কৰি আন্তঃৰাষ্ট্রীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণপদক অর্জন কৰা প্রথমগৰাকী অসমীয়া ৰূপে তেওঁ স্বীকৃতি লাভ কৰে৷ ১৯৬৭ চনত ক্রীড়াবিদগৰাকীয়ে অর্জুন বঁটা লাভ কৰে৷ ১৯৭০ চনত বেংককত আয়োজিত এছিয়ান গেমছত চাৰিশ মিটাৰ ৰীলেত ৰূপৰ পদক লাভ কৰা দলটোৰ অন্যতম সদস্য আছিল বৰুৱা৷ তেওঁ ‘অল ইণ্ডিয়া কাউন্সিল অৱ স্প’টছ’ আৰু ৰাষ্ট্রীয় এথলেটিক দলৰ নির্বাচক কমিটীৰ সদস্যৰ দায়িত্ব সুকলমে পালন কৰাৰ লগতে ১৯৬৭ চনৰ পৰা সুদীর্ঘ প্রায় ৫০ বছৰ কাল অর্জুন বঁটা সমিতিৰ নির্বাচক হিচাপে কার্যনির্বাহ কৰে৷ ৩ ছেপ্ঢেম্বৰত এইগৰাকী কীর্তিমান খেলুৱৈৰ জন্মদিনটো অসমত প্রতিবছৰে অভিৰুচি ক্রীড়া দিৱস ৰূপে পালন কৰা হয়৷