ডাষ্টবিনত পৰিণত উলুবাৰী বজাৰগৃহৰ আধাৰশিলা
পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতা, ছবছৰে সম্পূর্ণ নহ’ল নির্মাণকার্য
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃগুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ডাষ্টবিনত পৰিণত হৈছে উলুবাৰীৰ বজাৰ৷ বিগত ৬ বছৰ ধৰি আধাৰশিলাতে ৰৈছে পৌৰ নিগমৰ উলুবাৰীৰ বজাৰগৃহ৷ তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে নির্বাচনী চমক সৃষ্টিৰ বাবে গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ উলুবাৰী, গণেশগুৰি, ৰূপনগৰ আৰু ফটাশিলত চাৰিখনকৈ বজাৰগৃহৰ আধাৰশিলা স্থাপন কৰিছিল৷ তেতিয়াৰে পৰা আজিলৈকে চাৰিখনকৈ বজাৰগৃহৰ নির্মাণকার্য সম্পূর্ণ কৰিব নোৱাৰিলে গুৱাহাটী পৌৰ নিগমে৷ বিশেষকৈ গুৱাহাটী মহানগৰীৰ অন্যতম গুৰুত্বপূর্ণ বজাৰ হিচাপে পৰিচিত উলুবাৰীৰ বজাৰখনৰ গৃহ নির্মাণৰ বাবে তদানীন্তন মুখ্যমন্ত্রীগৰাকীয়ে লোকসভা নির্বাচনৰ পূর্বে ২০১৪ চনৰ ৫ মার্চত আধাৰশিলা স্থাপন কৰি ব্যৱসায়ীসকলক পৰিষ্কাৰ–পৰিচ্ছন্ন পৰিৱেশত ব্যৱসায় কৰাৰ আশ্বাস প্রদান কৰিছিল৷ কিন্তু বিগত ৬টা বছৰ ধৰি চৰকাৰ–প্রশাসন আৰু পৌৰ নিগম কর্তৃপক্ষই উলুবাৰী বজাৰগৃহৰ নির্মাণকার্য সম্পূর্ণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷
ইয়াৰ ফলস্বৰূপে এক কদর্য পৰিৱেশত বছৰৰ পাছত বছৰ ধৰি ব্যৱসায়ীসকলে ব্যৱসায় কৰি আহিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ কার্যালয়, নেহৰু ষ্টেডিয়াম, বি বৰুৱা কলেজ, প্রাক্তন কেবিনেট মন্ত্রী, প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান, কেইবাগৰাকী প্রাক্তন মেয়ৰ, সাংসদ, মন্ত্রী–বিধায়কৰ বাসগৃহৰ সমীপতে থকা উলুবাৰী বজাৰগৃহৰ আধাৰশিলাত এতিয়া বাৰমাহেই গেলা পানী জমা হৈ থকাত অঞ্চলটোত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ পৰিত্যক্ত হৈ থকা উলুবাৰী বজাৰগৃহৰ আধাৰশিলাক এতিয়া ব্যৱসায়ীৰ লগতে অঞ্চলটোৰ ৰাইজে ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ এনেদৰে প্রতিদিনে আৱর্জনা পেলাই অঞ্চলটোত পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰাৰ পাছতো ঐতিহ্যমণ্ডিত উলুবাৰীৰ বজাৰগৃহৰ কাম সম্পূর্ণ কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰাত স্থানীয় বাসিন্দা তথা সক্রিয় ৰাজহুৱা কর্মী ইন্দ্রজিৎ ভূঞাই ক্ষোভ প্রকাশ কৰিছে৷ সমাজকর্মী ভূঞাই কয় যে বছৰৰ পাছত বছৰ ধৰি বজাৰগৃহৰ নির্মাণকার্য সম্পূর্ণ নকৰাত একাংশ অসাধু লোকে বজাৰগৃহৰ আধাৰশিলা মদ–জুৱাৰ আড্ডাস্থলীত পৰিণত কৰিছে৷ স্থানীয় ৰাইজে বহুবাৰ আবেদন–নিবেদন জনোৱাৰ পাছতো পৌৰ নিগম কর্তৃপক্ষই উলুবাৰী বজাৰখন পুনৰ নির্মাণ নকৰাটো ৰহস্যজনক৷