নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : আঢ্যৱন্ত লোকক ৰেচন কাৰ্ড জমা দিয়াৰ বাবে চৰকাৰে জনোৱা আহ্বানক কেৰেপ নকৰি ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত গাওঁ পঞ্চায়ত এখনৰ এগৰাকী টেক্স কালেক্টৰে কৌশলেৰে নিজৰ পত্নীৰ নামত থকা কাৰ্ডখনেৰে সুলভ মূল্যৰ চাউল গ্ৰহণ কৰি থকাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে গাওঁ পঞ্চায়তটৰেই এগৰাকী সদস্যই। এই মৰ্মে ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত পদ্মার আলগা গাওঁ পঞ্চায়তৰ সদস্য আব্দুল হোসেনে গাওঁ পঞ্চায়তটোৰ কৰ সংগ্ৰাহকাৰী আব্দুছ ছবুৰ মণ্ডলৰ বিৰূদ্ধে ইতিমধ্যে ধুবুৰী জিলা উপায়ুক্ত দিৱাকৰ নাথক এক লিখিত অভিযোগো দাখিল কৰা বুলি জানিব পৰা গৈছে। উক্ত অভিযোগ পত্ৰখনত জহুরা বন্দিহানা সমবায় সমিতিৰ অধীনত থকা কাতলামাৰি তৃতীয় খণ্ড গাওঁৰ সুলভ মূল্যৰ দোকানী আবুশামা খানৰ সৈতে গোপন বুজাবুজিৰে টেক্স কালেক্টৰ মণ্ডলে নিজৰ ঘৈণীয়েকৰ নামত থকা ১৮১০০০২২৮৮৭১ নম্বৰ ৰেচন কাৰ্ডেখনেৰে দীৰ্ঘ দিনৰ পৰাই চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউল ভোগ কৰি থকা বুলি স্পষ্ট ভাৱে উল্লেখ আছে। উল্লেখ্য যে, খোদ ধুবুৰী পৌৰসভা এলাকাতেই বহু আঢ্যৱন্ত লোকে কৌশলেৰে নিজৰ আত্মীয়-স্বজনৰ নামত ৰেচন কাৰ্ড বনাই দৰিদ্ৰৰ চৰকাৰী সুলভ মূল্যৰ চাউল আত্মসাৎ কৰি থকাৰো এক দীৰ্ঘদিনীয়া বুবা আছে। আনকি বিষয়টো লৈ স্থানীয় যোগান বিভাগৰ কাৰ্য্যালয়ত কৰ্মৰত একাংশৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে বিভিন্ন মহলে। এনে প্ৰেক্ষাপটত চৰকাৰে বিষয়টো লৈ উচ্চস্তৰীয় তদন্ত কৰিলে কেঁচুৰ ঠাইত সাপ ওলোৱাৰ সম্ভাৱনা নথকা নহয় বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী