নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাৱৰ পাটিয়ালাত ছাইৰ উশ্বু – ২০২৩ ৰ চেম্পিয়নশ্বিপত পুনৰ উজলিল বকোৰ ইলিনা ৰাভা

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰী – সৰ্ব ভাৰতীয় ৰেল প্ৰাধিকাৰীয়ে আয়োজন কৰা উশ্বু চেম্পীয়নশ্বিপত বকোৰ ইলিনাৰ পুনৰ স্বৰ্ণ পদক লাভ। উল্লেখ্য যে ; ক্ৰীড়া প্ৰতিভাত একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত এটাৰ পিছত আনটো সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে উশ্বু খেলুৱৈ ইলিনা ৰাভাই। শৰীৰ চৰ্চা আৰু নিজকে সুৰক্ষিত ৰখা খেল হৈছে ঊশ্বু খেল। এই ঊশ্বু খেলৰ জৰিয়তে এটাৰ পিছত আনটো সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে ইলিনা সহ বকোৰ বহু খেলুৱৈয়ে। এইবাৰো সোণৰ পদক লাভ কৰি বকোলৈ সুনাম কঢ়িয়াই আনা খেলুৱৈ গৰাকী হৈছে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত কালিয়াবড়ী গাওঁৰ সৰবৰহী যুৱ কৰ্মী স্বপন ৰাভা আৰু কবিতা ৰাভাৰ কন্যা ইলিনা ৰাভা। প্ৰাপ্ত তথ্য মতে সুদুৰ পঞ্জাৱৰ পাটিয়ালাত ছাইৰ ষ্টেডিয়ামত তৃতীয় সংখ্যক সৰ্ব ভাৰতীয় আন্ত;চাই আয়োজন কৰা হৈছিল খেলো ইণ্ডিয়াৰ পুৰুষ / মহিলা ২০২৪ বৰ্ষৰ উশ্বু চেম্পিয়নশ্বিপ।।সৰ্ব ভাৰতীয় পৰ্য্যায়ত আয়োজন কৰা চাৱ জুনিয়ৰ ; জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্য্যায়ৰ গেমত বকোৰ ইলিনা ৰাভাই ৫২ কে জিৰ জুনিয়ৰ শাখাত খেলি সন্মান সহ স্বৰ্ণ পদক অৰ্জন কৰি অসমৰ লগতে বকোলৈ সুনাম কঢ়িয়াই আনিছে। ইলিনাৰ এই সুনামত বৃহত্তৰ অঞ্চলটোত আনন্দৰ বন্যা বোৱাৰ লগতে খেলুৱৈগৰাকীক আদৰণি জনাইছে বকোৰ ক্ৰীড়া সংগঠক সকলে। উল্লেখ্য যে ; বকো ঊশ্বু সংস্থাৰ প্ৰশিক্ষক সুভাষ গয়াৰীৰ ক্লাৱৰ প্ৰশিক্ষাৰ্থী তথা বৰ্তমান কোকৰাঝাৰৰ ছাই ক্লাৱত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ইলিনা ৰাভাই অসম দলৰ হৈ ১৭ অনুৰ্ধৰ মহিলাৰ জুনিয়ৰ শাখাত খেলিছিল। ইলিনাই পদক অৰ্জন কৰা খৱৰে বকোৰ সমাজ সচেতন লোকৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত সন্তোষ সৃষ্টি কৰিছে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like