নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনলৈ পুনৰ ৪০০ নিযুত ডলাৰৰ সামৰিক সাহায্য আমেৰিকা যুক্তৰাষ্ট্রৰ

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: ৰাছিয়াৰ সৈতে যুদ্ধৰত ইউক্রেইনলৈ পুনৰ ৪০০ নিযুত মার্কিন ডলাৰৰ সামৰিক সাহায্য ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্রই৷ প্রথমবাৰৰ বাবে আমেৰিকাই এই সাহায্য সশস্ত্র বাহন প্রদান কৰিব ইউক্রেইনক৷ এই সশস্ত্র সামৰিক বাহনৰ জৰিয়তে ইউক্রেইনৰ সেনাই ৰাছিয়াৰ সেনাক অধিক প্রত্যাহ্বান জনাব বুলি হোৱাইট হাউছৰ তথ্যত প্রকাশ৷ আমেৰিকাৰ সশস্ত্র সামৰিক বাহনৰ পৰাই বিভিন্ন ক্ষমতাসম্পন্ন মিছাইলকে ধৰি অস্ত্র–শস্ত্র সহজতে নিক্ষেপ কৰিব পাৰিব ইউক্রেইনী সেনাই৷ উল্লেখ্য যে ৰাছিয়াই ইউক্রেইনৰ ওপৰত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে এতিয়ালৈকে ৩২ বিলিয়ন মার্কিন ডলাৰৰ সামৰিক সাহায্যৰে অস্ত্র আৰু সঁজুলি ইউক্রেইনক যোগান ধৰিছে৷ পুনৰ ৪০০ নিযুত মার্কিন ডলাৰৰ সামৰিক সাহায্য প্রদান কৰি মার্কিন যুক্তৰাষ্ট্রই ৰাছিয়াৰ বিৰুদ্ধে থকা স্থিতি স্পষ্ট কৰি দিলে৷

You might also like