নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা! বিষক্ৰীয়া হৈ মৃত্যু ২০ টা দুষ্পাপ্য শগুণ! ৭০ টাকৈ শগুণ অসুস্থ

 

নিয়মীয়া বাৰ্তা,১৩ মাৰ্চঃ ডিব্ৰুগড়ত বিষক্ৰীয়া হৈ ২০ টাকৈ দুষ্পাপ্য শগুণ মৃত্যু হোৱাৰ লগতে আৰু প্ৰায় ৭০টাৰ অধিক অসুস্থ হৈ মৃত্যুৰ ক্ষন গণিব লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ডিব্ৰুগড় জামিৰা পাত্ৰ গাওঁ পথাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।গাৱঁৰ একাংশ দুষ্কৃতিকাৰিয়ে বিষ দিয়াৰ ফলতে নিৰ্বোধ, দুষ্পাপ্য বৃহৎ সংখ্যক শগুণৰ শোকাবহ মৃত্যু হব লগা হয়।

অভিযোগ মতে,ডিব্ৰুগড়- বগীবিল সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বৰ জামিৰা পাত্ৰ গাঁৱৰ পথাৰ খনত পৰিভ্ৰমী পক্ষী নিধন কৰাৰ বাবে একাংশ দুষ্কৃতিকাৰিয়ে পথাৰত গুটি ধানৰ সৈতে বিষ দিছিল।সেই গুটিধান পানীত মিহলি হোৱা বাবে গৰুৱে খোৱাৰ পাছত কেইবাটাও গৰু মৃত্যু হয় আৰু সেই মৃত্যু হোৱা গৰু ভক্ষণ কৰাৰ বাবে অঞ্চলটোত প্ৰায় শতাধিক শগুণ আহিছিল।সেই শগুণে গৰু ভক্ষণ আৰু পানী খোৱাৰ পাছতেই মৃত্যু হবলৈ ধৰে এটাৰ পাছত এটাকৈ শগুণৰ।এনেদৰে সমগ্ৰ পথাৰখনত প্ৰায় ২০ টাকৈ দুষ্পাপ্য শগুণৰ মৃত্যু হোৱা লগতে আৰু প্ৰায় ৭০ টা শগুণে সংকতজনক অৱস্থাত মৃত্যুৰ ক্ষণ গণিছে।জীৱিত অৱস্থাত থকা শগুণ কেইটাই খোজ কাঢ়িবলৈকো নোৱাৰাৰ লগতে অত্যাধিক বমি কৰা প্ৰত্যক্ষ কৰা হৈছে।অতি দুখ জনক এই ঘটনা স্থানীয় কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকে প্ৰত্যক্ষ কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইলৈ খবৰ দিয়ে।জেষ্ঠ সাংবাদিক ৰাতুল গোহাঁই আৰু সন্তোষ যাদৱে পথৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ পদব্ৰজে গৈ দূৰ্গম অঞ্চলটোত উপস্থিত হৈ স্তম্ভিত হৈ পৰা লগতে সাংবাদিক দুগৰাকীৰ তৎপৰতাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে।এসময়ত অসমৰ আকাশত জাকে জাকে প্ৰত্যক্ষ কৰা শগুণ সম্প্ৰতি বিলুপ্তিৰ পথলৈ গতি কৰা বুলি উল্লেখ কৰি এনে দুষ্কাৰ্য সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষক দাবী জনায় প্ৰকৃতিপ্ৰেমীয়ে।বিভিন্ন সময়ত বিভিন্ন কাৰণত অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে মৃত্যু হৈছে বহু শগুণৰ।

আনহাতে বনধ্বংসৰ বাবেও বংশবৃদ্ধি হোৱাৰ ক্ষেত্ৰত হ্ৰাস পাইছে।ফলত ভাবুকি আহি পৰিছে অসমৰ আকাশ শুৱনি কৰি ৰখা এই দুষ্পাপ্য শগুণলৈ।ডিব্ৰুগড়ত ইমান বৃহৎ সংখ্যক শগুণ মৃত্যু হোৱা ঘটনাৰ উচিত তদন্ত কৰি দুখীক কঠোৰ শাস্তি দিয়া লগতে অসুস্থ শগুণ কেইটাৰ উন্নত চিকিৎসা কৰাৰ দাবী জনাইছে প্ৰকৃতি প্ৰেমি সকলে।আনহাতে সন্ধিয়া ভাগলৈ ডিব্ৰু-ছৈখোৱা আৰু ডিব্ৰুগড় বন বিভাগৰ এটা দল জামিৰা পাত্ৰগাওঁ পথাৰত উপস্থিত হৈ আহত হৈ থকা শগুণৰ চিকিৎসা আৰু মৃত্যু হোৱা শগুণৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like