নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বস্ত্ৰ-২০২৩ শীৰ্ষক ফেশ্বন শ্বত ৪৮গৰাকী মডেলৰ অংশগ্ৰহণ

বিশেষ বাৰ্তা, ২৭ মাৰ্চঃ নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ফেশ্বন টেকনলজী, গুৱাহাটীৰ উদ্যোগত যোৱানিশা মহানগৰীৰ এগজটিকা গ্ৰীনত বস্ত্ৰ-২০২৩ শীৰ্ষক সপ্তম বাৰ্ষিক বহনক্ষম টেক্সটাইল ফেশ্বন শ্বৰ সফলতাৰে সম্পন্ন হয়। এইবাৰৰ এই ফেশ্বন শ্বত প্ৰথমবাৰৰ বাবে ব্যাপক আয়োজনেৰে এক বৃহৎ পৰিসৰত অসমীয়া ফেশ্বন ডিজাইনাৰ য়াংপি গগৈ, অৰুণাচলৰ গুণা নিজি, মেঘালয়ৰ এলবাৰ্ট মাৰাক আৰু এন ই আই এফ্ টিৰ চুৰান্ত বৰ্ষৰ ফেশ্বন ডিজাইনাৰ পাঠ্যক্ৰমৰ দুগৰাকী ছাত্ৰীৰ পৰিচালনাত ৪৮গৰাকী মডেলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনজাতীয় গোষ্ঠীৰ মাজত ব্যৱহৃত এৰী, মুগা, পাটখচিত বিভিন্ন বস্ত্ৰ সম্ভাৰসমূহ প্ৰদৰ্শন কৰে। প্ৰসঙ্গত তেওঁ ইয়াৰ জৰিয়তে জাতি জনজাতিৰ মাজত সততে ব্যবহৃত পাট, মুগা, এৰী বা অন্যান্য সূতাৰে প্ৰস্তুত কৰা বাৰেৰহনীয়া ডিজাইনৰ বস্ত্ৰসমূহে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সমাদৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিব বুলি মত প্ৰকাশ কৰে। উল্লেখ্য যে শিক্ষা প্ৰতিষ্ঠানটোৱে সমান্তৰালভাৱে চেলিব্ৰেটিং নৰ্থ ইষ্ট শীৰ্ষক আন এক বাৰ্ষিক অনুষ্ঠান আয়োজন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰ সম্ভাৰক দেশ-বিদেশত অধিক জনপ্ৰিয়  কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে চলিত বছৰৰ বস্ত্ৰ-২০২৩ শীৰ্ষক এই বহনক্ষম টেক্সটাইল ডিজাইনাৰ স্বসম্পূৰ্ণ আন্তৰাষ্ট্ৰীয় মান বৰ্তাই ৰাখি আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুসংখ্যক শীৰ্ষ স্থানীয় ফেশ্বনপ্ৰত্যাশী ব্যক্তি আৰু ডিজাইনাৰ উপস্থিত থাকে।

You might also like