দুলীয়াজান মহাবিদ্যালয়ৰ গণিত আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ উদ্যোগত বক্তৃতানুষ্ঠান সম্পন্ন
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: দুলীয়াজান মহাবিদ্যালয়ৰ গণিত আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ যুটীয়া উদ্যোগত তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত “Generative Adversarial Network (GAN)” শীৰ্ষক এক বক্তৃতানুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগৰ চিষ্টেম এডমিনিষ্টেটৰ ড° চাদ্দিক হুছেইন। মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ড° হৃষিকেশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈয়ে। গণিত বিভাগৰ অধ্যপক ড° আমিৰ বাঢ়ৈয়ে সমল ব্যক্তি গৰাকীৰ বিষয়ে চমু পৰিচয় দাঙি ধৰাৰ পিছতে বক্তাগৰাকীয়ে তেখেতৰ ভাষণত মেচিন লাৰ্নিঙৰ এক অন্যতম উদ্ভাৱন GAN ৰ ব্যৱহাৰিক তথা সময়োপযোগী উদাহৰণেৰে মনোজ্ঞ আলোচনা আগবঢ়ায়। মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকা উপস্থিত থকা অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধ্যাপিকা মুনমী বৰঠাকুৰে