ডিব্ৰুগড়ৰ DPSৰ ছাত্ৰ-ছাত্ৰী ছিংগাপুৰলৈ ৰাওনা: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ১৩এপ্ৰিলঃ ৰাজ্যখনৰ শৈক্ষিক জগতত খ্যাতি অৰ্জন কৰা ডিব্ৰুগড়ৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে কালি ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰৰ পৰা শৈক্ষিক ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হয়। ইয়াৰ মাজতে দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে।ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি তেওঁলোকৰ সফল যাত্ৰাৰ বাবে শুভকামনা জনায়।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলৰ উৎসাহ দুগুণে বৃদ্ধি পায়।ছিংগাপুৰৰ শৈক্ষিক ভ্ৰমণৰ প্ৰেক্ষাপটত দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ প্ৰভাতি বিশ্বাসে কয় যে এইটোৱেই হৈছে ডি পি এছৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত ডি পি এছৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল হায়দৰাবাদলৈ শিক্ষামূলক ভ্ৰমণলৈ গৈছিল।ছিংগাপুৰলৈ যোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে তাত থকা বিজ্ঞান কেন্দ্ৰৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিব।যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক জ্ঞান বহু পৰিমানে বৃদ্ধি পাব।ডিব্ৰুগড় বিমানবন্দৰত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাবলৈ অহা অভিভাৱকসকলো অতিশয় আনন্দিত হোৱা পৰিলক্ষিত হয়।জানিব পৰা অনুসৰি দিল্লী পাব্লিক স্কুলে, বৰ্হিঃজগতৰ শিক্ষানুষ্ঠানসমূহৰ বিষয়ে প্ৰত্যক্ষ তথ্য লাভৰ বাবে বহুতো কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।যাতে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বৃদ্ধিৰ উপৰিও বিভিন্ন বিষয়ৰ ওপৰত বিশদ তথ্যও লাভ কৰিব পাৰে।বিদ্যালয়খনৰ এনে প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।