সুৱৰ্ণ সুযোগ! পৰ্যটক আৰু তীৰ্থযাত্ৰীৰ বাবে ২৭ মে’ত ভাৰত গৌৰৱ পৰ্যটন ৰে’ল এক্স-ডিব্ৰুগড়ত শুভাৰম্ভ!
- এন এফ ৰেলৱেৰ উদ্যোগত ডিব্ৰুগড়ৰ পৰা বৈষ্ণো দেৱী মন্দিৰলৈ
- ১০ নিশা ভ্ৰমন আৰু দৰ্শনৰ বাবদ ২০,৮৫০ টকা আৰু ৩১,১৩৫ টকা হ’ব ব্যয়!
নিয়মীয়া বাৰ্তা, ১৩এপ্ৰিলঃ পৰ্যটক তথা তীৰ্থযাত্ৰী সকলৰ বাবে সুখবৰ!উত্তৰ পূৱ সীমান্ত ৰেলৱে আগবঢ়াইছে কম খৰচতে উত্তৰ ভাৰত ভ্ৰমনৰ সুবিধা। উত্তৰ পূব সীমান্ত ৰেলৱে আৰু আই আৰ চি টি চি য়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত চলিত বৰ্ষৰ ২৭ মে’ত প্ৰথম ভাৰত গৌৰৱ পৰ্যটন ৰে’ল এক্স-ডিব্ৰুগড়ত শুভাৰম্ভ কৰিব। ডিব্ৰুগড়ৰ পৰা বৈষ্ণদেৱী মন্দিৰলৈ মুঠ ১০ টা নিশা আৰু ১১ দিনত এই যাত্ৰাৰ অন্ত পৰিব।এই পৰ্যটন যাত্ৰাৰ ভিতৰত অযোধ্যা, প্ৰয়াগৰাজ, বাৰাণসীৰ লগতে বৈষ্ণদেৱী মন্দিৰ সামৰি লোৱা হব।আনহাতে ডিব্ৰুগড়, শিমলুগুৰি, মৰিয়নী, ডিমাপুৰ, লামডিং, গুৱাহাটী, ৰঙিয়া, নিউ বঙাইগাঁও,নিউ কোছবিহাৰ,নিউ জলপাইগুৰি,কাটিহাৰ,বাৰাউনী জংচন,হাজীপুৰ আৰু সোণাপুৰৰ ষ্টেচনত যাত্ৰীসকলে উঠা-নমা কৰিব পাৰিব।যাত্ৰা কৰিব লগা ৰেলখনৰ ১৪ টা ডবাৰ ৮ টা এল এইচ বি শ্লিপাৰ কোচ আৰু ৩ টা এ চি থ্ৰী টায়াৰৰ ডবা থকাৰ লগতে এখন পেণ্ট্ৰি গাড়ীও থাকিব বুলি ৰেলৱেৰ সূত্ৰত প্ৰকাশ। আছে। ৩ এ চি ক্লাছ আৰু স্লিপাৰ ক্লাছৰ বাবে বুকিং কৰিব পাৰিব।
ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলক, যাত্ৰাপথত খাদ্য আৰু পেকেজড খোৱা পানীৰ ব্যৱস্থাৰ লগতে খাদ্যত ৰাতিপুৱাৰ চাহ, ব্ৰেকফাষ্ট, সন্ধিয়াৰ চাহৰ সৈতে দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ পেকেজৰ ভিতৰত অৰ্ন্তভূক্ত কৰা হৈছে।জানিব পৰা অনুসৰি যাত্ৰাৰ সময়ত যাত্ৰী সকলৰ সুবিধাৰ্থে ডবাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অন-ব’ৰ্ড হাউচকিপিং কৰ্মচাৰীক নিয়োগ কৰা হৈছে।যাত্ৰীৰ সামগ্ৰীসমূহ যাতে সুৰক্ষিতভাৱে ৰখা হয় আৰু কোনো অকৰ্তৃত্বশীল যাত্ৰী বিশেষ পৰ্যটন ৰে’লত উঠিব নোৱাৰে তাৰ বাবে প্ৰতিটো ডবাত নিৰাপত্তাৰক্ষীও বিশেষভাবে নিয়োগ কৰাৰ উপৰিও প্ৰতিটো ডবাত যাত্ৰীসকলৰ প্ৰতিটো প্ৰয়োজন পূৰণৰ বাবে অনুমোদিত এস্কৰ্টৰ ব্যবস্থাও থাকিব।
পৰ্যটকসকলক নিদিষ্ট পৰ্যটন স্থানৰ বাবে সুকীয়াকৈ বাছৰ ব্যৱস্থা কৰা হ’ব।গোটেই ভ্ৰমণৰ সময়ছোৱাত পৰ্যটকসকলক ট্যুৰ এস্কৰ্টৰ দ্বাৰা এস্কৰ্ট কৰা হ’ব।শ্লিপাৰ শ্ৰেণীৰ বাবে নিশা যাপন কৰা স্থানত নন-এচি ফেমিলি হোটেলৰ কোঠা আৰু এচি যাত্ৰীসকলৰ বাবে ষ্টেণ্ডাৰ্ড কেটেগৰী হোটেলত এচিসহ থকাৰ ব্যৱস্থা কৰা হৈছে।ইফালে সমগ্ৰ ভ্ৰমণৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ক্ৰমে শ্লিপাৰ ক্লাছ আৰু এচি যাত্ৰীৰ বাবে জিএছটিকে ধৰি প্ৰায় ২০,৮৫০ টকা আৰু ৩১,১৩৫ টকা খৰচ হ’ব।
ভাৰত গৌৰৱ ৰে’ল আঁচনিৰ অধীনত ভাৰতীয় ৰে’লৱে ৰে’ল পৰ্যটনৰ প্ৰসাৰৰ বাবে প্ৰায় ৩৩% ৰেহাই মূল্যত এই সেৱা আগবঢ়াইছে বুলি ৰেলৱেৰ সূত্ৰত প্ৰকাশ।ৰেহাই মূল্যত পাবৰ বাবে আই আৰ চি টি চি ৱেবছাইটৰ জৰিয়তে পোনপটীয়াকৈ পেকেজটো অনলাইন বুকিং কৰিব লাগিব।তেওঁলোকে পে’ টিএম,ৰেজাৰ পেৰ জৰিয়তে ই এম আইৰ সুবিধাও উপলব্ধ হব।আনহাতে ডেবিট কাৰ্ডৰ জৰিয়তে ৩-১৮ মাহৰ ক্ৰেডিটৰ সুবিধা আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৩ মাহৰ- ২৪ মাহৰ, বাজাজ ফাইনেন্সৰ বাবে কেৱল ৩ মাহ আৰু ৫ মাহৰ ঋণৰ সুবিধা হব বুলি প্ৰকাশ।
অধিক তথ্যৰ বাবে হেল্পলাইন নং. 8595936716/8638507592 বা ৱেবছাইট www.irctctourism.com যোগাযোগ কৰিব পাৰে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।