গেংষ্টাৰ আতিক আহেমদ আৰু ভাতৃ আশ্ৰফক গুলীয়াই হত্যা
গেংষ্টাৰ আতিক আহেমদ আৰু ভাতৃ আশ্ৰফক গুলীয়াই হত্যা
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিল: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত শনিবাৰে (১৫ এপ্ৰিল) মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ খালিম আজিম ওৰফে আশ্ৰফক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীৰ জিম্মাত থকা দুয়োজনৰ ওপৰত তিনিজন আক্ৰমণকাৰীয়ে গুলীচালনা কৰে, য’ত তেওঁলোকৰ মৃত্যু হয়। আতিক আৰু আশ্ৰাফক নিয়মীয়া চিকিৎসা পৰীক্ষাৰ বাবে নিয়াৰ সময়তে দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত সংঘটিত হ’ল এই সমগ্ৰ হত্যাৰ ঘটনা।
উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত আৰক্ষীৰে সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ কেইদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত শাৰীৰিক পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়তে মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদ নিহত হয় । আতিকক ২০০৫ চনত বিএছপি বিধায়ক ৰাজু পালৰ হত্যাত অভিযুক্ত কৰা হৈছিল আৰু তাৰ পিচত এই বছৰৰ ফেব্ৰুৱাৰীত বিএছপিৰ নেতাগৰাকীৰ হত্যাৰ মুখ্য সাক্ষী উমেশ পালক হত্যা কৰা হয় । উমেশ পালৰ হত্যাতো সাঙোৰ খাই পৰিছিল আতিক আহমেদ।