নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত ঘাঁহ খাই ৭৫টা ভেড়া–ছাগলীৰ মৃত্যু মহাৰাষ্ট্রত

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: বিষাক্ত খাদ্য খাই একেলগে মৃত্যু হৈছে ৭৫টা ভেড়া আৰু ছাগলীৰ৷ মহাৰাষ্ট্রৰ ছত্রপতি সম্ভাজী নগৰত সংঘটিত হৈছে এই ঘটনা৷ এগৰাকী চৰকাৰী বিষয়াই আজি সদৰী কৰিছে এই তথ্য৷ কালি ছিলোড় তালুকৰ আন্ধেৰী ছিবাৰাত পশুপালকে ভেড়া আৰু ছাগলীৰ জাক মুকলি পথাৰত মেলি দিছিল৷ ঘাঁহ খাই থকা অৱস্থাতে অসুস্থ হৈ পৰে এই ছাগলী আৰু ভেড়াবোৰ৷ কালি মাজনিশালৈ ৭৫টা ভেড়া আৰু ছাগলীৰ মৃত্যু হৈছে৷ ইফালে, শতাধিক ভেড়া আৰু ছাগলীক চিকিৎসা আগবঢ়াইছে পশু চিকিৎসকৰ দলে৷ লক্ষণীয় যে ঘাঁহনিত কীটনাশক দৰব ছটিওৱা হৈছিল বুলি সন্দেহ কৰিছে পশু চিকিৎসকৰ দলে৷ একাংশই বিষাক্ত কীটৰ কামোৰতো ভেড়া আৰু ছাগলীবোৰৰ মৃত্যু হ’ব পাৰে বুলি সন্দেহ প্রকাশ কৰিছে৷ এতিয়ালৈকে সবিশেষ তথ্য পোহৰলৈ অহা নাই৷

You might also like