নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২.৪০ লাখ কোটি আয়েৰে দেশৰ ৰে’ল বিভাগৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: লক্ষ্মীলাভৰ অভিলেখ গঢ়িছে ভাৰতীয় ৰে’লে৷ ২০২২–২৩ বিত্তীয় বর্ষত ৰে’ল বিভাগে ৰাজহ উপার্জন কৰিছে ২.৪০ লাখ কোটি টকা৷ বিগত বিত্তীয় বর্ষৰ তুলনাত এয়া প্রায় ৪৯ হাজাৰ কোটি টকা বেছি৷ কালি এই তথ্য সদৰী কৰিছে ৰে’ল মন্ত্রণালয়ে৷ দেশত যাত্রী পৰিবহণৰ ক্ষেত্রত ৰে’লৰ ভূমিকা অপৰিসীম৷ এইবাৰ যাত্রী পৰিবহণৰ জৰিয়তে বিপুল পৰিমাণৰ ধন উপার্জন কৰি নজিৰ গঢ়িলে ৰে’ল বিভাগে৷ ৰে’ল মন্ত্রণালয়ৰ তৰফৰ পৰা প্রকাশ কৰা তথ্য অনুসৰি ২০২২–২৩ বিত্তীয় বর্ষটোত মালবাহী শিতানত ৰাজহ বৃদ্ধি পাইছে ১.৬২ লাখ কোটি টকা৷ যোৱা বছৰৰ তুলনাত এয়া ১৫ শতাংশ বেছি৷ যাত্রী পৰিবহণ শিতানত আয় বৃদ্ধি পাইছে ৬১ শতাংশ, যাক সর্বকালৰ ভিতৰত নজিৰ বুলি অভিহিত কৰিছে ৰে’ল মন্ত্রণালয়ে৷ এই শিতানত উপার্জন হৈছে ৬৩,৩০০ কোটি টকা৷ বিগত বিত্তীয় বর্ষ ৰে’লৰ অন্যান্য শিতানত উপার্জন হৈছে ৮,৪৪০ কোটি টকা৷ ২০২১–২২ বিত্তীয় বর্ষত অন্যান্য শিতানত উপার্জন আছিল ৬,০৬৭ কোটি টকা৷

You might also like