ফিল’বাৰীৰ ছেইণ্ট পেট্ৰিক স্কুলত শিক্ষাৰ্থীৰ হুঁচৰি প্ৰদৰ্শন
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : ৰঙালী বিহু উপলক্ষে আজি তিনিচুকীয়াৰ ফিল’বাৰী অঞ্চলৰ চেইণ্ট পেট্ৰিক হাইস্কুলত এক বৰ্ণাঢ্য সাংস্কৃতিক কার্যসূচী সম্পন্ন কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ ডঃ নোৱাছ লাকৰাই পৰিচালনা কৰা এই সাংস্কৃতিক কার্যসূচীত ছাত্ৰ ছাত্ৰী সকলে অসমীয়া নতুন বছৰ তথা ৰঙালী বিহু উপলক্ষে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা বিহু নৃত্য, বিহুনাম আদিৰ লগতে বিদ্যালয়খনৰ ছাত্ৰীৰ গোট এটাই প্ৰয়াস সাংস্কৃতিক গোষ্ঠী নামৰ স্থানীয় এক সংগঠনৰ সৌজন্যত আখৰা কৰি ছোৱালী হুঁচৰি দল উপস্থিত ৰাইজৰ আগত প্ৰদৰ্শন কৰে। চাৰি শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱকে উপভোগ কৰা এই সাংস্কৃতিক কার্যসূচীত ফিল’বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক দ্ৰোণ চাৰিঙিয়া ফুকন, ফিল’বাৰী চাহ বাগিচাৰ পৰিচালক ভজন পাল সিং, মডাৰ্ণ ইংলিছ অকাডেমীৰ অধ্যক্ষ সন্তোষ গুপ্তা, সংবাদসেৱী ইন্দ্ৰানী গোস্বামী আদিয়ে ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰি বক্তব্য ৰাখে। বিদ্যালয়খনত অধ্যয়নৰত বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ পৰম্পৰাগত বিহুনাম , হুঁচৰি, বিহুনাচ আদি প্ৰদৰ্শনৰ জৰিয়তে জাতীয় সমন্বয় সৃষ্টিৰে শিক্ষানুষ্ঠানটোত এক একতাৰ পৰিবেশ সৃষ্টি কৰা আজিৰ কার্যসূচীত, বিদ্যালয়খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলক ছাত্ৰ ছাত্ৰী সকলে বিহুৱানেৰে আদৰণি জনায়।
প্ৰেৰক কংকনজ্যোতি গোস্বামী