কর্ণাটক বিধানসভা নির্বাচনৰ ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
বিশেষ বাৰ্তা, ১৯ এপ্রিলঃ দক্ষিণ ভাৰতত দলীয় স্থিতি অধিক শক্তিশালী কৰাৰ বাবে পুনৰ কর্ণাটক দখলৰ লক্ষ্যত নামি পৰিছে বিজেপি৷ ৰাজ্যখনৰ বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক আকর্ষণীয় হৈ পৰিছে কর্ণাটকৰ নির্বাচনী যুঁজ৷ অহা ১০ মে’ত অনুষ্ঠিত হ’বলগা ভোটগ্রহণৰ প্রাক্ক্ষণত প্রচাৰ অভিযান তীব্রতৰ কৰাৰ লক্ষ্যৰে আজি বিজেপিয়ে মুকলি কৰিলে ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত স্থান পালে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উত্তৰ–পূর্বাঞ্চলৰ বিচক্ষন ৰাজনীতিক, নির্বাচনী ৰণনীতিৰ চানক্য হিচাপে পৰিচিত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী–গৃহম গৃহ ৰাজ্য গুজৰাট বিধানসভা নির্বাচনৰ তাৰকা প্রচাৰক হিচাপে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰাৰ পাছত এইবাৰ কর্ণাটক বিধানসভা নির্বাচনতো বিজেপিৰ তাৰকা প্রচাৰকৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ উল্লেখ্য যে কর্ণাটক বিধানসভা নির্বাচনৰ বাবে ৰাজ্যখনত ইতিমধ্যে বিজেপিয়ে আৰম্ভ কৰিছে প্রচাৰ অভিযান৷ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ৰোডশ্ব’ কৰি ৰাজ্যখনৰ প্রচাৰ অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পাছত অচিৰেই ষ্টাৰ কেম্পেইনাৰসকলে আৰম্ভ কৰিব প্রচাৰ অভিযান৷ লক্ষণীয়ভাৱে ৰাজ্যখনত নির্বাচনৰ দিন ঘোষণাৰ পূর্বেই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ কেইবাখনো জিলাত জনসভাত ভাষণ প্রদান কৰি অনানুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল নির্বাচনী প্রচাৰ৷ বিজেপিয়ে আজি প্রকাশ কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে বিজেপিশাসিত সকলোকেইখন ৰাজ্যৰ মুখ্যমন্ত্রীসকল৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে কর্ণাটকৰ মুখ্যমন্ত্রী বাসভাৰাজ বোমাই, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্রৰ উপ মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছৰ লগতে তালিকাত আছে কেন্দ্রীয়মন্ত্রী স্মৃতি ইৰাণী, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, মন্ত্রী নীতিন গাদকাৰী, নির্মলা সীতাৰমন, সংসদীয় পৰিক্রমামন্ত্রী প্রহ্লাদ যোশী, ধর্মেন্দ্র প্রধান আৰু মনসুখ মান্দাভিয়া৷ আনহাতে এই তালিকাত কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পা আৰু তামিনাডুৰ বিজেপি সভাপতি কে আন্নামালায়ো আছে৷ লক্ষণীয়ভাৱে এই তালিকাত স্থান পোৱা নাই কেন্দ্রীয়মন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি তালিকা প্রকাশৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কর্ণাটকলৈ গৈ নির্বাচনী সভাত অংশ ল’ম৷ কিন্তু বেলেগ এখন ৰাজ্যত এনেদৰে নির্বাচনী প্রচাৰ চলাই সাধাৰণ ভোটাৰক প্রভাৱাম্বিত কৰিব নোৱাৰি৷ ইফালে আজি বিভিন্ন ভ্রমণসূচীৰে কর্ণাটকত উপস্থিত হোৱা ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই এটা ৰোডশ্ব’ৰে নির্বাচনী প্রচাৰ অভিযান চলাই কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰে৷