বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী চহৰ নিউয়র্ক; ভাৰতৰ মুম্বাইৰ স্থান ২১
নতুন দিল্লী, ১৯ এপ্রিল ঃ ভাৰতত আছে মুকেশ আম্বানি, গৌতম আদানীৰ দৰে ধনকুবেৰ তথা উদ্যোগপতি৷ কিন্তু বিশ্বৰ ধনী চহৰবোৰৰ তালিকাত ভাৰতৰ চহৰবোৰৰ স্থান একেবাৰে তলৰ ফালে আছে৷ ‘তৃতীয় বিশ্ব’ৰ উত্থান সত্ত্বেও এইক্ষেত্রত ‘প্রথম বিশ্ব’ৰ চহৰে আটাইতকৈ ধনী চহৰৰ শীর্ষস্থান লাভ কৰিছে৷ বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী চহৰৰ শীর্ষত আছে আমেৰিকাৰ নিউয়র্ক৷ এই চহৰখনত কোটিপতি ধনীৰ সংখ্যা সর্বাধিক৷ বিত্ত বিষয়ক সংস্থা হেনলি এণ্ড পার্টনার্ছৰ শেহতীয়া সমীক্ষাৰ পিছত এই প্রতিবেদন পোহৰলৈ আহিছে৷ সমীক্ষা অনুসৰি নিউয়র্ক চহৰত থকা মিলি’নেয়াৰৰ সংখ্যা তিনি লাখ ৪০ হাজাৰ৷ সেইবাবে এই চহৰখন বিশ্বৰ আটাইতকৈ ধনী চহৰ৷ দ্বিতীয় স্থানত আছে জাপানৰ টকি’৷ তৃতীয় স্থান লাভ কৰিছে আমেৰিকাৰ ছান ফ্রান্সিছস্কোই৷ ইফালে, ধনী চহৰৰ চতুর্থ স্থানত আছে লণ্ডন৷ এই তালিকাত ২১ স্থানত আছে ভাৰতৰ মুম্বাই৷ ইয়াৰ উপৰি দিল্লী আৰু বেংগালুৰু চহৰেও তালিকাত স্থান পাইছে যদিও শেষৰ ফালেহে আছে৷