চৈয়দ ছাদুল্লালৈ ছাত্র সন্থাৰ আই অসমী বঁটা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লালৈ লখিমপুৰ জিলা ছাত্র সন্থাই আগবঢ়াইছে আই অসমী বঁটা। লখিমপুৰত আছুৰ লখিমপুৰ জিলা সমিতিয়ে আয়োজন কৰা আৰু বুধবাৰে নিশা সামৰণি পৰা কেন্দ্রীয় ৰঙালী বিহু সন্মিলনত এই বঁটা প্ৰদান কৰা হয়। বিহু সন্মিলনৰ অন্তিম কাৰ্য্যসূচী সাংস্কৃতিক সন্ধিয়াৰ পূৰ্বে আছুৱে আই অসমী বঁটা প্ৰদান কৰে বিশিষ্ট অনাতাঁৰ শিল্পীগৰাকীক। আন বৰ্ষত বিশিষ্ট ব্যক্তিলৈ এই সন্মান প্ৰদান কৰাৰ পাছত এইবাৰ বিশিষ্ট অনাতাঁৰ শিল্পী সুকণ্ঠৰ অধিকাৰী চৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা । বুধবাৰে লখিমপুৰ জিলা ছাত্ৰ সন্থাই নদৰৰ বিহুবাকৰিত চৈয়দ ছাদুল্লাক প্ৰদান কৰে এই বঁটা । লখিমপুৰ জিলা ছাত্ৰ সন্থাই তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অন্তিম দিনা বিহু মঞ্চত শিল্পী গৰাকীক প্ৰদান কৰা এই বঁটা কৰি অভিভূত হৈ পৰে শিল্পী গৰাকী। তেওঁ এই বঁটা জীৱনৰ এক ছন্দ বুলি অভিহিত কৰে। ছাত্র সন্হাই প্ৰদান কৰা এই আই অসমী বঁটাত আছে স্মাৰক, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, গামোচা আদিৰ লগতে নগদ ২৫ হেজাৰ টকা।