দৈনিক ডেৰ লাখ টকাৰ কোকেইন সেৱন অষ্ট্রেলিয়ান তৰুণীৰ
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: ড্রাগ্ছৰ নিচাই সর্বনাশ ঘটাব পাৰে৷ অষ্ট্রেলিয়াৰ ছিডনীৰ এক কাহিনীয়ে শেহতীয়াকৈ আন্তর্জাতিক সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে৷ ড্রাগ্ছৰ নিচাত পৰি এগৰাকী তৰুণীয়ে শেষপর্যন্ত দেহ ব্যৱসায়ত নামিবলগীয়া হ’ল৷ বিলাসবহুল জীৱন যাপনত অভ্যস্ত আছিল আলেকজেন্দ্রা মোছ নামৰ ছিডনীৰ এই তৰুণীগৰাকী৷ স্বাভাৱিক জীৱন যাপন কৰি থকা তৰুণীগৰাকী হঠাতে কোকেইনৰ নিচাত পৰে৷ লাহে লাহে কোকেইনৰ প্রতি ইমানেই আসক্ত হৈ পৰে যে এই তৰুণীয়ে দৈনিক ভাৰতীয় মুদ্রাৰ হিচাপত ডেৰ লাখ টকাৰ কোকেইন সেৱন কৰিবলগীয়া হয়৷ নিজে কোকেইন গ্রহণ কৰাৰ উপৰি ইয়াৰ ব্যৱসায়ো আৰম্ভ কৰে আলেকজেন্দ্রা মোছে৷ শেহতীয়াকৈ ড্রাগ্ছ সৰবৰাহৰ গোচৰত গ্রেপ্তাৰ হৈছে তৰুণী মোছ৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি, নিচাৰ বাবে প্রয়োজনীয় বিপুল পৰিমাণৰ ধন দেহ ব্যৱসায়ৰ জৰিয়তে সংগ্রহ কৰিছিল আলেকজেন্দ্রাই৷ ইয়াৰ উপৰি ড্রাগ্ছ সৰবৰাহৰ জৰিয়তেও তৰুণীগৰাকীয়ে ধন সংগ্রহ কৰিছিল৷ ইয়াৰ মূল উদ্দেশ্য আছিল প্রয়োজনীয় কোকেইন ক্রয় কৰিব লাগে৷ তৰুণীগৰাকীৰ বাসগৃহলৈ সঘনে বহু লোকৰ যাতায়াত চলিছিল৷ এই ঘটনাত সন্দেহ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷ প্রায় দুবছৰ ধৰি এনেদৰে ড্রাগ্ছ আৰু দেহ ব্যৱসায় চলাই নিচাত ডুব গৈ থকা তৰুণীগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ইয়াৰ পিছতে পোহৰলৈ আহে এটাৰ পিছত এটাকৈ শিহৰণকাৰী ঘটনা৷