নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু বিশ্ব দৰবাৰত জীয়াই থাকিবলৈ প্ৰতিজন অসমীয়াৰ ঐকান্তিক প্ৰচেষ্টা লাগিবঃ মৃণালিনী দেৱী

  • তেজপুৰৰ উত্তৰ তেজপুৰ ৰঙালী বিহু সন্মিলনৰ সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম স্থানেৰে ৫১, ১১১ টকা লাভ গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনী বিহুৱা দল
  • মাতৃ-জ্যেষ্ঠ ভাতৃৰ সন্মুখতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিমিকিৰে হাঁহিৰ খোৰাক যোগালে মিমিকি শিল্পী হিমাংশু বৰ্মণে
  • ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিহুৱা দলৰ বিহুনাচেৰে মুখৰিত কলেজিয়েট বিদ্যালয় খেলপথাৰ

নিয়মীয়া বাৰ্তা, ৬ মে’:  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিমিকিৰে ৰাজ্যখনত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা মিমিকি শিল্পী হিমাংশু বৰ্মণে কালি নিশা তেজপুৰৰ কলেজিয়েট বিদ্যালয়ৰ খেলপথাৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ সন্মুখতে মুখ্যমন্ত্ৰী গৰাকীৰ হুবহু ভাষণেৰে সহস্ৰাধিক ৰাইজক হাঁহিৰ খোৰাক দিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৬৩ সংখ্যক উত্তৰ তেজপুৰ আৰু মাজগাঁও খৰাআটি ৰঙালী বিহু সন্মিলনৰ কালি নিশাৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ মাজতে জনপ্ৰিয় মিমিকি শিল্পী হিমাংশু বৰ্মণে বিহু উপভোগ কৰিবলৈ অহা ৰাইজক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিনয়ৰে আপ্লুত কৰি তোলে।

আনহাতে পৰম্পৰাগত ভাৱে এই বিহু সন্মিলনে প্ৰতি বছৰেই আয়োজন কৰি অহাৰ দৰে এইবাৰো আয়োজন কৰা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা কালি আৰম্ভ হয় শিৱসাগৰৰ জাজীপৰীয়া বিহুৱা দলৰ এই আকৰ্ষণীয় বিহুনাচেৰে।

ৰাজ্যখনৰ এসময়ৰ প্ৰসিদ্ধ বিহুৱতী তথা চলচ্চিত্ৰ অভিনেত্ৰী মাধুৰীমা গোস্বামী চৌধুৰী আৰু প্ৰখ্যাত বিহুৱা জয়ন্ত গগৈ আৰু দ্বিজেন গগৈয়ে বিচাৰকৰ আসন অলংকৃত কৰা এই সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে ।তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু বিশিষ্ট চিকিৎসক তথা লেখক ডা০ জয়ন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰবীণ লেখিকা মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত বিহুৰ তাৎপৰ্য সকলোৱে জানিব লাগিব বুলি কৈ নাচনী ঢুলীয়াই সাজপোছাকৰ লগতে তাঁতশালৰ সামগ্ৰীৰ নামবোৰ জানিব লাগিব৷বিহু বিশ্ব দৰবাৰত জীয়াই ৰাখিববলৈ হলে প্ৰতিজন অসমীয়াৰ ঐকান্তিক প্ৰচেষ্টা লাগিব বুলিও মন্তব্য কৰে।

বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা বিহুৰ অনুস্ঠানত মৃণালীনী দেবীয়ে বিহু গাই বিহুৰ তাৎপৰ্য্যও তাৎপৰ্য বাখ্যাও কৰে৷ অনুস্ঠানত ড° জয়ন্ত বিশ্ব শৰ্মাই ভাষন প্ৰদান কৰি ভুপেন হাজৰিকাৰ গীতৰ উদ্ধৃতিৰে বিহু অসমীয়াৰ আয়ুস ৰেখা বুলি মন্তব্য কৰে৷ আনহাতে প্ৰতিযোগিতাখনত গুৱাহাটীৰ মঘাই বিহুৱা দল, তেজপুৰৰ আই অসমী বিহুৱা দল, বোকাখাটৰ গামখাৰু বিহুৱা দল, গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বিহুৱা দল, কলিয়াবৰৰ ফ্ৰেইণ্ডশ্বিপ বিহুৱা দল, গুৱাহাটীৰ গোমচেং বিহুৱা দল, জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহুৱা দল, ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, নলবাৰীৰ গগনা বিহুৱা দল, তেজপুৰৰ নটসূৰ্য্য শিল্পী সমাজ বিহুৱা দল, চাৰিদুৱাৰৰ মন ব’হাগী বিহুৱা দল, চতিয়াৰ মৰনৈপৰীয়া বিহুৱা দল, শুৱালকুছিৰ বৰ্ণিল বিহুৱা দল, ভৰলীপৰীয়া বিহুৱা দলকে ধৰি বহুকেইটা বিহুৱা দলৰ বিহুনাচৰে মুখৰিত হৈ পৰে।

উল্লেখ্য যে, প্ৰতিযোগিতাত গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনী বিহুৱা দলে প্ৰথম স্থান লাভ কৰি নগদ ৫১ হাজাৰ ১১১ টকা, ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলে দ্বিতীয় স্থান লাভ কৰি নগদ ৩১ হাজাৰ ১১১ টকা আৰু জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলে তৃতীয় স্থান লাভ কৰি নগদ ২১ হাজাৰ ১১১ টকা লাভ কৰাৰ লগতে মঘাই বিহুৱা দলৰ কন্দৰ্প দাসে শ্ৰেষ্ঠ ঢুলীয়া, তেজপুৰ আঞ্চলিক অগ্নিশিখা বিহুৱা দলৰ জিষ্ণু শইকীয়াই শ্ৰেষ্ঠ পেঁপুৱা, ফ্ৰেইণ্ডশ্বিপ দলৰ দিপু দত্তই শ্ৰেষ্ঠ বিহুৱা আৰু ব্ৰহ্মপুত্ৰ দলৰ কৰিণা সোনোৱালে শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপেৰে নগদ ধনৰ পুৰস্কাৰ লাভ কৰে।

You might also like