নিয়মীয়া বাৰ্তা, ৯ মে : মহাত্মা গান্ধী নেচনেল ৰুৰেল এম্পইমেণ্ট গ্ৰেণ্টড এক্টৰ অধীনত ২০২১-২০২২ৰ বিত্তীয় বৰ্ষত পুখুৰী খননৰ আঁচনি লাভ কৰে কূৰ্শাকাটি গাঁৱত। সম্পূৰ্ণ নিজৰ ব্যক্তিগত পট্টাৰ মাটিত আগৰে পৰাই পোনা মাছ দি ডাঙৰ কৰি খোৱা আৰু অতিৰিক্তখিনি বিক্ৰী কৰি আহিছিল মাটিৰ গৰাকীয়ে। উক্ত পুৰণি পুখুৰীকে কূৰ্শাকাটি ইয়ং ষ্টাৰ গ্ৰুপৰ নামত নামমাত্ৰ খান্দি বাকী টকা খিনি আত্মসাৎৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উথ্যাপিত হৈছে কূৰ্শাকাটি ভি চি ডি চিৰ সদস্য গৰাকীৰ বিৰুদ্ধে। প্ৰজেক্ট ইস্তিমেট ২,৮৪,৩৪২.০০ অনুমোদিত ধনৰ বিপৰীতে ইতিমধ্যে মাত্ৰ ৪০/৪৫ হাজাৰ টকা ব্যায় কৰা বুলি মাটিৰ মালিকৰ পৰিয়ালৰ লোক অভিযোগ কৰে। কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্ভূক্ত পূব কূৰ্শাকাটি গাঁৱৰ ভি চি ডি চি সদস্য বিনয় বৰ্মনে ইয়াৰ পিছত কোনো কথা অৱগত কৰা নাই বুলিও অভিযোগ কৰে পৰিয়ালৰ লোকে। আনহাতে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY)ৰ নামত প্ৰতিটো হিতাধিকাৰীৰ পৰা দুই হাজাৰৰ পৰা চাৰি হাজাৰ টকা লৈকে ধন লোৱাৰ অভিযোগ উঠিছে। অভিযোগৰ ক্ষেত্ৰত সদস্যগৰাকীৰ পৰা জানিব বিচৰাত চেয়াৰমেনৰ পৰামৰ্শনুসৰি ৰেজিষ্ট্ৰেনৰ নামত উক্ত টকা খিনি লোৱা বুলি কয় সদস্যগৰাকী। মুঠৰ ওপৰত চৰম অৰাজকতাৰে কাম-কাজসমূহ চলা বুলি অভিযোগ কৰে গাঁওখনৰ একাংশ লোকে ।
প্ৰেৰক ভৃগু মুনি ৰায়