নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানি গোচৰ

  • এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শর্মাই দাখিল কৰিলে এক কোটি টকাৰ দুটাকৈ গোচৰ
  • জাষ্টিচ ফৰ দ্য জাজ নিষিদ্ধ কৰাৰো আবেদন

নিয়মীয়া বাৰ্তা, ১২ মে’: দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা বর্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে দুটাকৈ মানহানিৰ গোচৰ ৰুজু কৰিছে আছাম পাব্লিক ৱর্কছ (এপিডব্লিউ)ৰ অধ্যক্ষ অভিজিৎ শর্মাই৷ প্রাক্তন মুখ্য ন্যায়াধীশজনে প্রকাশ কৰা তেওঁৰ জীৱনীমূলক গ্রন্থৰ জাষ্টিচ ফৰ দ্য জাজত অভিজিৎ শর্মা সন্দর্ভত কিছু আপত্তিজনক তথ্য সন্নিৱিষ্ট কৰাৰ অভিযোগ তুলি এই মানহানিৰ গোচৰ দাখিল কৰিছে এপিডব্লিউৰ অধ্যক্ষজনে৷ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনীমূলক গ্রন্থখনৰ ১৭৩ নং পৃষ্ঠাত এপিডব্লিউ তথা অভিজিৎ শর্মাৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা তথ্যক লৈ ইতিপূর্বে ৰাজহুৱাকৈ উক্ত তথ্য প্রত্যাহাৰৰ দাবী তোলাৰ লগতে ক্ষমা খোজাৰো আহ্বান জনাইছিল প্রাক্তন মুখ্য ন্যায়াধীশজনক৷ উক্ত গ্রন্থখনত তদানীন্তন এনআৰচিৰ সমন্বয়ক প্রতীক হাজেলাক কিয় ডেপুটেচনত মধ্য প্রদেশলৈ প্রেৰণ কৰিব লগা হ’ল, তাৰ অন্যতম কাৰক হিচাপে অভিজিৎ শর্মাক আঙুলিওৱা হৈছিল৷ ইয়াকে লৈ অভিজিৎ শর্মাই যোৱা জানুৱাৰী মাহতে এখন সংবাদ মেল সম্বোধন কৰি ৰঞ্জন গগৈক এই বুলি প্রশ্ণ উত্থাপন কৰিছিল– মই সন্ত্রাসবাদী নেকি? মই পৰেশ বৰুৱাৰ সতীর্থ নেকি? এপিডব্লিউৰ অধ্যক্ষজনে এই আপত্তিজনক তথ্যসমূহ প্রত্যাহাৰৰ আহ্বান জনায়, অন্যথা মানহানিৰ গোচৰ ৰুজু কৰাৰ কথাও ঘোষণা কৰিছিল৷ কিন্তু অভিজিৎ শর্মাৰ এই আহ্বান তথা সকীয়নিক গুৰুত্ব নিদিয়াৰ বাবেই ৰঞ্জন গগৈৰ বিৰুদ্ধে কামৰূপ দেৱানী আদালতত ২৬১/২০২৩ আৰু ৪৪৭/২০২৩ নম্বৰৰ এক কোটি টকাৰ এই মানহানি গোচৰ দুটাৰ জৰিয়তে অভিজিৎ শর্মাই দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশজনক প্রত্যাহ্বান জনাইছে৷ মন কৰিবলগীয়া যে এনআৰচিৰ গোচৰ সন্দর্ভত উচ্চতম ন্যায়ালয়ত চলি থকা শুনানি কালত তেতিয়াৰ এনআৰচিৰ সমন্বয়ক প্রতীক হাজেলাই তেওঁৰ কাম–কাজত এপিডব্লিউৱে অসুবিধা সৃষ্টি কৰাৰ কথা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আগত অৱগত কৰিছিল৷ উক্ত অভিযোগৰ বাবে সর্বোচ্চ ন্যায়ালয়খনে অভিজিৎ শর্মাক সকীয়নিও দিছিল৷ পৰৱর্তী সময়ত ৰঞ্জন গগৈয়ে মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্রহণৰ পিছতেই প্রকাশ কৰি উলিওৱা তেওঁৰ আত্মজীৱনীমূলক গ্রন্থত এপিডব্লিউ তথা অভিজিৎ শর্মা সন্দর্ভত কিছু আপত্তিজনক তথ্য সন্নিৱিষ্ট কৰে৷ উক্ত বিষয়টোক লৈয়ে আজি এক কোটি টকাৰ মানহানি গোচৰ তৰে অভিজিৎ শর্মাই৷

You might also like