নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ হ’ল ফাটবিহুঃ ঢোল, পেঁপাৰ মাতে মুখৰিত ম’হঘূলি চাপৰি

নিয়মীয়া বাৰ্তা, ১২ মে’: ম’হঘূলি চাপৰিৰৰ পৰা-ৰাজীৱ বৰুৱা;১২মে:-“বিহু কেৱল আৰ্যসকলৰ অৱদান নহয়।অসমৰ বিহু সংস্কৃতিয়ে আজিৰ বিশ্বব্যাপী ৰূপ পোৱাত বিভিন্ন জাতি জনগোষ্ঠীৰ অৱদান আছে।”-এই মন্তব্য বিশিষ্ট লেখক গৱেষক ড০ কেশৱ হাজৰিকাৰ।আজি দুপৰীয়া ১১.৩০ বজাত ফাটবিহুৰ প্ৰথম দিনৰ মঞ্চ মুকলি কৰি ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা গৱেষক ড° কেশৱ হাজৰিকাই আৰু কয় যে-“বিহু অসমৰ এক অন্যতম সাৰ্বজনীন অনুষ্ঠান যদিও অঞ্চল ভেদে বিহুৰ গান,নাচৰ লয়ৰ লগতে ঢোল,পেঁপাৰ সুৰ আৰু লহৰ কিছুমান বৈশিষ্ট্য আছে।এই বৈশিষ্ট্যবোৰ বজাই ৰাখি বিহু উৎসৱ পালন কৰিলেহে বিহুৰ স্বকীয়তা সুৰক্ষিত হৈ থাকিব।” উল্লেখ্য যে ঢকুৱাখনাবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ উৎসৱ ফাটবিহু আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে চাৰিকড়িয়া নৈ’ৰ পাৰৰ ম’হঘূলি চাপৰিত অনুষ্ঠিত হৈছে।আজি পুৱাৰে পৰা বিহুৰ-ঢোল,পেঁপাৰ লহৰত,নাচনীৰ নাচোনৰ চন্দত উদুলি মুদুলি হৈ পৰা দেখা যায় ফাটবিহুৰ তলী।

আজি পুৱাৰ প্ৰথম কাৰ্যসূচী অনুসৰি অনুসৰি পতাকা উত্তোলনেৰে ফাটবিহু উৎসৱৰ তিনিদিনীয়া বৰ্ণিল কাৰ্য্যসূচী পাতনি মেলে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই।ইয়াৰ পিছতেই বিধায়ক পুঁজিৰে নৱীকৰণ কৰা মঞ্চৰ দ্বাৰ উন্মোচন কৰে সমাজকৰ্মী কুশল গগৈয়ে।ইফালে ফাটবিহু সমিতিৰ উদ্যোগত নিৰ্মাণ কৰিবলৈ লোৱা তথ্য চিত্ৰৰ শুভ মুহুৰত কৰা ১১ বজাত মুল তোৰণৰ সন্মুখত।নাৰিকল ভাঙি মুহুৰত সম্পন্ন কৰে বিশিষ্ট লেখক জগদ্বীশ গগৈয়ে।এই অনুষ্ঠানত “ফাটবিহু তথ্য চিত্ৰ” উপ-সমিতিৰ সভাপতি কেশৱ গগৈ,সম্পাদক ৰাজীৱ বৰুৱা,ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া,
সম্পাদক ভাস্কৰ দাস, উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱা, সম্পাদক বনশ্যাম গগৈকে প্ৰমুখ্যে কৰি ফাটবিহুৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।

ইয়াৰ পিছতেই বিভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহক আদৰণি জনোৱা হয় মুল তোৰণৰ পৰা বিহুৰ বাকৰিলৈ।মিচিং চিনেমাৰ অভিনেত্ৰী মৌ:নাম স্মৃতি পেগুৱে দুপৰীয়া ১২ বজাত মহিলা সকলৰ টকা বিহু প্ৰতিযোগিতাৰ উদ্বোধন কৰি বিহু গান গোৱাৰ লগতে নাচো পৰিৱেশন কৰে ফাটবিহুৰ মঞ্চত।ডিব্ৰুগড়ৰ বিহুৱা জিতেন দাসে বিভিন্ন শৈলীৰ বিহু নাম গায়,বীণ,পেঁপা, গগণা আদি বজাই পুৰণি বিহুৰ পৰম্পৰা সম্পৰ্কত বক্তব্য আগবঢ়াই ২.৩০ বজাত চেমনীয়া হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে।কাইলৈ দ্বিতীয় দিনা অৰ্থাৎ ১৩ মে’ৰ পুৱা কাৰ্য্যসূচী অনুসৰি ৯.৩০ বজাত কপৌফুল আৰু গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান প্ৰাপ্ত প্রকৃতিবিদ দেৱজিৎ ফুকনে।পুৱা ১০ বজাৰ হ’ব গামোচা প্ৰতিযোগিতা।গামোচা প্ৰতিযোগিতাখন উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লাৱন্য শইকীয়া বৰুৱাই। দুপৰীয়া ১২ বজাত পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি ৰখা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব বিশিষ্ট বিহুৱা খগেন গগৈয়ে।

ইফালে বিয়লি ২ বজাত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ ‘বিহুৱান’ উন্মোচন ।’বিহুৱান’ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক, সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।বিয়লি ২ বজাত কৃতী বিহুৱা-বিহুৱতী আৰু কৃষক সম্বৰ্ধনা অনুষ্ঠান।সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰিব অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।তৃতীয় দিনা তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা।সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া চলচ্চিত্র জগতৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। দুপৰীয়া ১২ বজাত মুকলি বিহু প্ৰতিযোগিতা।ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব লোকশিল্পী একলব্য গামে। বিয়লি ২ বজাত ফাটবিহুৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা। বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে উদ্বোধন কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।মুকলি সভাত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,স্থানীয় বিধায়ক নৱ কুমাৰ দলে, অসম পৰ্যটন উন্নয়ন নিগমৰ অধক্ষ ঋতুপৰ্ণ বৰুৱাই বিশিষ্ট অতিথি উপস্থিত থাকিব।বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ ডাঃ অঞ্জজ্যোতি চৌধুৰীয় নিদিষ্ট বক্তা আৰু আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ লগতে কেইবাজনো গণ্য-মান্য ব্যক্তি মুকলি সভাত উপস্থিত থাকিব। তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুবলিয়া ৰাইজৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।।

You might also like