ড৹ হিমন্ত বিশ্ব শৰ্মাক ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা প্ৰদান পৰিৱেশ সুৰক্ষা সমিতিৰ
নিয়মীয়াবাৰ্তা, ১২ মে: ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী যুৱ নেতা হিচাবে আত্মপ্ৰকাশ কৰি নিজৰ বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি গুৰুত্বপূৰ্ণ পদৱীত থাকি বৰ্তমানলৈকে বহু গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰি ৰাজনৈতিক জীৱনত চমকপ্ৰদ উত্থানেৰে মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় আসনত অধিস্থিত হ’বলৈ সক্ষম হোৱাৰ লগতে ইতিমধ্যে জনমানসত এগৰাকী সক্ৰিয় ৰাজনীতিক আৰু মুখ্যমন্ত্ৰী হিচাবে নিজৰ অৱস্থিতি সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি কেৱল ৰাজনীতিক বুলিয়ে নহয় এগৰাকী সফল লিখক, নিপুণ বক্তা হিচাবেও অসমৰ জনমানসত পৰিচিত হ’বলৈ সক্ষম হৈছে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক জীৱনৰ ব্যাপ্তি সৰ্বভাৰতীয় স্তৰতো প্ৰতিষ্ঠা হৈছে।
উল্লেখযোগ্য যে অসমত অসমীয়া ভাষাৰ সংকটকালত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ যুঁজত যুঁজাৰু সেনাৰ ভূমিকা লৈ অসমীয়া শব্দৰাজিৰ ইংৰাজী অৰ্থ সন্নিবিষ্ট কৰি বৃহৎ কলেবৰৰ ‘হেমকোষ’ প্ৰণয়ন কৰি অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰগণ্য ভূমিকা পালন কৰিছিল। তেখেতে ঊনবিংশ শতিকাতে অসমীয়া সমাজখনত প্ৰচলিত সামাজিক কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰি সমাজখনক বিজ্ঞানমনস্ক কৰি তুলি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল। সেয়েহে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এনে অপূৰ্ব অৱদান আৰু কৰ্মৰাজিক যুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণি, প্ৰশাসনিক দক্ষতা তথা তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণৰ সফলতা ইত্যাদিৰ বাবে পৰিৱেশ সুৰক্ষা সমিতিয়ে উল্লিখিত বঁটা প্ৰথমবাৰৰ বাবে ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে।
উল্লেখ্য যে দশকজুৰি পৰিৱেশ সংৰক্ষণ, পৰিৱেশৰ ভাৰসমতা ৰক্ষাৰ বাবে গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ নিৰন্তৰ প্ৰয়াস চলাই অহা পৰিৱেশ সুৰক্ষা সমিতি, অসমে যোৱা দশককেইটাত গঁড় হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত যুগান্তকাৰী সফলতা, পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণৰ আঁচনি, বনাঞ্চল সুৰক্ষাৰ বাবে উচ্ছেদ অভিযান, দীপৰ বিল সংৰক্ষণ ইত্যাদি বহুবোৰ কাৰ্যসূচী গ্ৰহণ কৰি পৰিৱেশ সংগঠন হিচাবে উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ বাবেই উজনি অসমৰ লগতে সমগ্ৰ অসমতে পৰিৱেশ সুৰক্ষাৰ বাবে ধাৰাবাহিকভাবে কাম-কাজ চলাই অহা পৰিৱেশ সুৰক্ষা সমিতি, অসমে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা সফল ৰাজনীতিক ড৹ হিমন্ত বিশ্ব শৰ্মাক ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আজি এই উপলক্ষে তিনিচুকীয়াৰ অভিজাত হোটেল ৰয়েল হাইনেছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা প্ৰদান অনুষ্ঠিত হয়। উল্লেখ্য যে এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ , এটা গছপুলি, চেলেং চাদৰ আৰু ফুলাম গামোছা।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ব্যস্ততাপূৰ্ণ সূচীৰ বাবে এই বঁটা গ্ৰহণ কৰিব নোৱাৰিলেও তেখেতৰ লিখিত নিৰ্দেশ অনুসৰি স্থানীয় বিধায়ক তথা শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে মুখ্যমন্ত্ৰীৰ হৈ উক্ত বঁটাটি গ্ৰহণ কৰে।
আজি বিয়লি ভাগত অনুষ্ঠিত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰথমে বিশিষ্ট লেখক সাংবাদিক অমূল্য খাটনিয়াৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে বক্তব্য আগবঢ়ায়। তাৰপিছতে শ্ৰম আৰু চাহ জনজাতি কল্যান মন্ত্ৰী সঞ্জয় কিষান প্ৰথমে এখন চেলেং চাদৰে সম্বৰ্ধনা জনাই সমিতিৰ কেন্দ্ৰীয় উপসভাপতি দিগন্ত ভট্টই আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই সমিতিৰ তিনিচুকীয়া জিলা সভাপতি পৱন বৰুৱাই, এঠুপা ফুলেৰে সম্বৰ্ধনা জনাই সমিতিৰ কেন্দ্ৰীয় সম্পাদক বৰডী গাৰুডিয়াই । ইয়াৰ পিছতেই সমিতিৰ পৰিৱেশ কৰ্মী সকলে শ্ৰম আৰু চাহ জনজাতি কল্যান মন্ত্ৰী সঞ্জয় কিষানক বঁটাটো প্ৰদান কৰে। বঁটা গ্ৰহণ কৰি মন্ত্ৰী সঞ্জয় কিষানে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে মহান বঁটাটো গ্ৰহণ কৰাটো তেওঁৰ বাবে সুভাগ্য বুলি উল্লেখ কৰে। শতাধিক ৰাইজৰ উপস্থিতিত বঁটা প্ৰদানৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত হৈ যায় আৰু সভাখনত উপস্থিত থাকে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ জিলা সম্পাদক ৰবি ছেত্ৰী, টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সভাপতি প্ৰভাত চাংমাই, যুৱ নেতা প্ৰাঞ্জল নেওগ, মটক মহিলা কোষৰ তিনিচুকীয়া জিলা সম্পাদিক নিহাৰীকা চেতিয়া, টাই আহোম মহিলা পৰিষদৰ সভানেত্ৰী নন্দিনী সন্দিকৈ, পৰিৱেশ সুৰক্ষা সমিতিৰ মুখ্য সংস্কৃতিৰ সম্পাদক জিন্টু শইকীয়া, জিলা উপসভাপতি জীৱন দত্ত, ৱাজিদ খান, জিলা সহকাৰী সম্পাদক বিচিত্র বৰঠাকুৰ ,কিশোৰ চাহ উপস্থিত থাকে।
প্ৰেৰক: সুৰজ দাস