নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰৰ কলাকুছি সাতগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী উৰ্ব্বশী দত্তক বিদায় সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৩ মে : কামৰূপৰ কমলপুৰৰ অন্তৰ্গত কলাকুছি সাতগাঁও হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী উৰ্ব্বশী দত্তই চাকৰি জীৱনৰ পৰা যোৱা ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰাৰ পিছত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক কালি বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে বনমাজা আঠিয়াবৈ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীনেশ শৰ্মাই। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী উৰ্ব্বশী দত্তৰ কৰ্মৰাজিৰ বিষয়ে ক্ৰমে  প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীপক ৰাজবংশী, বোৰ্কা সাতগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জয় কলিতা, পানীটেমা সাতগাঁও ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উমেশ ডেকা, সমাজকৰ্মী অৰবিন্দ দাস, শুভৰাম দাসকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰি আৱেগিক হৈ পৰে। উল্লেখ্য যে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী উৰ্ব্বশী দত্তই  ১৯৮৫ চনৰ  ২২ অক্টোৱৰত কলাকুছি সাঁ‌তগাও হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে ।শিক্ষকতা কৰি থকাৰ মাজতে ১৯৯৩ চনৰ ৬ নবেম্বৰত  জিলা বিদ্যালয়ৰ পৰিদৰ্শক গোবিন্দ তালুকদাৰ ,বিদ্যালয় পৰিচালনা সমিতি  আৰু ৰাইজৰ আহ্বান মৰ্মে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ১৯৯৬ চনৰ ৫ ছেপ্তেম্বৰত প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লাভ কৰি  ২০ বছৰ ৬ মাহ ৮ দিন নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে বিনা বেতনেৰে  শিক্ষা দান কৰি অঞ্চলটোৰ  ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুৰাগী কৰি তোলাৰ নিষ্ঠাৰ প্ৰয়াসেৰে প্ৰধান শিক্ষয়িত্ৰী দত্তই সেৱা আগবঢ়াই যায়। সুদীৰ্ঘ সময়ছোৱাৰ অন্তত ২০১৩ চনৰ এক জানুৱাৰীত সংশ্লিষ্ট বিদ্যালয়খন চৰকাৰীকৰণ হয়। ইয়াৰ উপৰি  হাইস্কুলখনে গুণোৎসৱত একেৰাহে  ৪বাৰকৈ এ প্লাছ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা ব্যক্ত কৰি বিদায়ী শিক্ষয়িত্ৰী দত্তই এক শোকবিহ্বল পৰিৱেশত  নিজেও বেদনাগধূৰ হৈ  আগন্তুক সময়ত বিদ্যালয়খন এক সমৃদ্ধিশালী শিক্ষানুষ্ঠানৰূপে গঢ় দিবলৈ সকলোকে আহ্বান জনায় । তেওঁ সভাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁৰ দীৰ্ঘদিনীয়া শিক্ষকতা কৰা সময়ছোৱাত হোৱা ভুল-ক্ৰুটিৰ মাৰ্জনা বিচাৰে। প্ৰাক্তন শিক্ষক দীপক ৰাজবংশীয়ে আঁত ধৰা সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্ৰী ,ছাত্ৰ-ছাত্ৰী , বিদ্যালয় পৰিচালনা সমিতি ,ছাত্ৰ একতা সভাৰ তৰফৰ পৰা একো একোখনকৈ ফুলাম গামোচা, শৰাই, জাপি, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰ আদিৰে শিক্ষয়িত্ৰীগৰাকীক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি কৃতী শিক্ষয়িত্ৰীক বিভিন্ন দল-সংগঠনৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক, কলাকুছি গাঁও উন্নয়ন সমিতিৰ  ফালৰ পৰাও শৰাই, ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জনায়। সুদীৰ্ঘ কাল শিক্ষকতা কৰা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ কৰ্মৰাজিৰ বাবে  বৃহত্তৰ কলাকুছিবাসীয়ে শলাগ লয়।
প্ৰেৰক অনুভৱ কুমাৰ 
You might also like