বিশেষ বাৰ্তা, ১৩ মেঃ আজি গুৱাহাটী টাউন ক্লাবত প্ৰবীণ সাংবাদিক, পদ্মশ্ৰী, আছাম ট্ৰিবিউন গোষ্ঠী পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দ্বাৰা ৰচিত আত্মজীৱনী সোঁৱৰণীৰ বাটে বাটে উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে। লগতে উপস্থিত থাকে যশস্বী লেখিকা তথা গৰীয়সীৰ সম্পাদক ড০ ৰীতা চৌধুৰী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰা। আত্মজীৱনীখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ–সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে কয়- ‘সোঁৱৰণীবোৰ আজি ঢ়পলিয়াই আহি আছে৷ আৰম্ভণিতে সেইবোৰ ব্যক্তিগত যদিও পৰৱর্তী সময়ত সমূহীয়া সোঁৱৰণীলৈ ৰূপান্তৰ হৈছে৷’ ‘অসম বাণী’ কাকতৰ সম্পাদক দিলীপ চন্দনে আঁত ধৰা অনুষ্ঠানটোত ড০ অমৰজ্যোতি চৌধুৰীয়ে উন্মোচিত গ্রন্থখন সন্দর্ভত চমু আলোকপাত কৰে৷ গ্রন্থখন এক জাতীয় দলিললৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য কৰি তেওঁ কয়– ৯১ বছৰ বয়সত যি সময়ত মানুহে সাধাৰণতে স্মৃতিহীনতাত ভোগে, সেই সময়ত বৰুৱাই কিতাপ লিখিছে৷ এখন জীৱন্ত উপন্যাস পঢ়া যেন অনুভৱ হৈছে৷ উপন্যাসৰ দৰে নিজৰ জীৱনটোক তেওঁ কিতাপখনত তুলি ধৰিছে৷ কিতাপখনৰ প্রকাশ অসমীয়া জাতীয় জীৱনৰ বাবে অতি আনন্দৰ বিষয় বুলিও তেওঁ লগতে মন্তব্য কৰে৷ বিশিষ্ট ঔপন্যাসিক ড০ ৰীতা চৌধুৰীয়ে গ্রন্থখন সন্দর্ভত চমু আলোকপাত কৰি কয়– কিতাপখন পঢ়ি থাকোঁতে খণ্ড চিত্রবোৰ যেন চকুৰ সন্মুখলৈ আহিছে৷ লেখক বৰুৱাৰ লেখাবোৰৰ কথা উল্লেখ কৰি তেওঁ কয়– অতীতলৈ যোৱাৰ বহু বাট আছে, যিবোৰৰ বিষয়ে সেই সময়ৰ লিখিত কথাবোৰৰ দ্বাৰা জানিব পাৰি৷ এই লেখাবোৰে একোটা সময়ক প্রতিনিধিত্ব কৰে৷ লেখাবোৰৰ জৰিয়তে তেওঁ এটা সময়ক লিপিবদ্ধ কৰিবলৈ বিচাৰিছে৷ সাম্প্রতিক সময়ত সৃষ্টি হোৱা বৌদ্ধিক হতাশা, স্খলিত চেতনাৰ মাজতো এনেবোৰ কথাই জীয়াই থকাৰ শক্তি–প্রেৰণা যোগায়৷ বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰাই কিতাপখনে বিৰল সাহিত্যিক সৌন্দর্য আৰু মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰাৰ লগতে বৰুৱাক এগৰাকী ন্যায়নিষ্ঠ, নীতিনিষ্ঠ মার্গদর্শক সাংবাদিকৰূপে অভিহিত কৰে৷ চমু ভাষণত যশস্বী সাংবাদিক প্রফুল্ল গোবিন্দ বৰুৱাই কিতাপখনৰ সৃষ্টিৰ আঁৰৰ কিছু কথা কয়৷ কিতাপখনৰ আঁৰত সহায়–সহযোগিতা আগবঢ়োৱা ট্রিবিউন প্রতিষ্ঠানৰ প্রতিগৰাকী কর্মচাৰীৰ শলাগ লয়৷ বিশেষকৈ ‘অসম বাণী’ কাকতৰ সম্পাদক দিলীপ চন্দনৰ সহায়–সহযোগিতাৰ কথা তেওঁ বিশেষভাৱে সোঁৱৰে৷ তেওঁ কয়– কিতাপখনত বহু ঘটনা–কাহিনী আছে৷ কিতাপখন লিখাৰ কোনো ইচ্ছা নাছিল যদিও দিলীপ চন্দনৰ প্রবল হেঁচাতে কিতাপখন লিখিবলৈ বাধ্য হ’লোঁ৷ উল্লেখ্য যে অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট সাংবাদিকগৰাকীৰ সহধর্মিণী ৰেখা বৰুৱায়ো বহু স্মৃতি সন্দর্ভত আলোকপাত কৰে৷ বৰুৱা সন্দর্ভত বহু ৰসাল কথাও সভাত উপস্থাপন কৰে সাংবাদিক দিলীপ চন্দনে৷