নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীৰ আক্ৰমণত নিহতক সাহায্য : বিধায়ক তৰংগ গগৈৰ তাৎক্ষণিক পদক্ষেপ

বিশেষ বাৰ্তা, ১৪ মে : যোৱা ৩ মেত নাহৰকটীয়াৰ জয়পুৰ থানাৰ অন্তৰ্গত টিপাম পঞ্চায়তৰ তৰাজান অঞ্চলত সংঘটিত হৈছিল এক শোকাবহ ঘটনা। ঘটনাটোত উক্তদিনা নিশা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নামি অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছিল বাগিচা খনৰ কৰ্মচাৰী লক্ষীৰাম কইয়া নামৰ এগৰাকী ব্যক্তিয়ে। যাৰ ফলত ঘটনাৰ পিছৰ দিনা স্থানীয় লোক আৰু আটচাৰ সদস্য সকলে নিহত ব্যক্তি গৰাকীৰ পৰিয়ালক শীঘ্ৰেই ক্ষতিপূৰণ দিবলৈ দাবী জনাইছিল। মনকৰিবলগীয়া যে ঘটনাটোৰ তথ্য লাভ কৰি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ততাতৈয়াকৈ দুৰ্ভগীয়া পৰিয়ালটো লৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপ্ৰনা আৰু প্ৰশমন বিভাগৰ জৰিয়তে জৰুৰীকালীন ক্ষতিপূৰণ হিচাপে চাৰি লাখ টকা এককালীন সাহায্য মোকলাই দিয়ে। সেই মৰ্মে কালি বিধায়ক গৰাকীৰ অনুপস্থিতিত তেওঁৰ নিৰ্দেশ মৰ্মে বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি তথা উদ্যমী যুৱ নেতা মৃদুল কলিতাই দুৰ্ভগীয়া পৰিয়ালটিক সাক্ষাৎ কৰি প্ৰয়াত লক্ষীৰাম কইয়াৰ পত্নী জোনালী কইয়াৰ হাতত আৰ্থিক সাহায্যৰ পত্ৰখন প্ৰদান কৰাৰ লগতে মৃতকৰ আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লক্ষণীয় যে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰৰ পৰা এই এককালীন সাহায্য লাভ কৰাত পৰিয়ালটিয়ে স্থানীয় বিধায়ক তৰংগ গগৈক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই কাৰ্য্যসূচীত মৃদুল কলিতাৰ উপৰি টিপাম গাওঁ পঞ্চায়তৰ সভাপতি অম্ব্ৰিকা দাস আৰু ৱাৰ্ড সদস্য নৰেন্দ্ৰ ভূঞাও উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like