নিয়মীয়া বাৰ্তা, ১৪ মেঃ লখিমপুৰৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ২নং ৰূপতলীত যোৱানিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে৷ নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানলৈ বুলি গৈ থকা অৱস্থাত এগৰাকী লোকক আন এজন লোকে কুঠাৰে ঘপিয়াই হত্যা কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি ২নং ৰূপতলীৰ নিবাসী বীৰেন বনিয়াৰ পুত্ৰ ক্ষীৰোদ বনিয়া (৪৮)ক স্থানীয় বলিন বৰা নামৰ এজন লোক ধলপুৰৰ বৰাচুক গাৱঁৰ নামঘৰত ভাগৱত পাঠ অনুষ্ঠানলৈ বুলি লগ ধৰি দুয়ো ওলাই যায় ৷ পাঠেকী ক্ষীৰোদ বনিয়াই এটা বেগত চুৰিয়া,চেলেং,গামোচা আদি ভৰাই লৈ ৰাতি প্ৰায় ৮:৩০ বজাত বলিনৰ লগত বৰাচুকৰ নামঘৰলৈ বুলি চাইকেল লৈ ওলাই যায়৷ বাবুলি দাসৰ ঘৰৰ পদুলি পাৰ হৈ যাওঁতেই বাবুলি দাস নমৰ যুৱক জনে হাতত এখন কুঠাৰ লৈ ক্ষীৰোদক খেদি গৈ পিছফালৰ পৰা মুৰত আক্ৰমণ কৰে ৷ ক্ষীৰোদ লগে লগে মাটিত ঢলি পৰে ৷ ইয়াৰ পাছতো বাবুলিয়ে ক্ষীৰোদক এৰি নিদি বুকু আৰু পিঠিত উপযুপৰি আক্ৰমণ কৰাত লোকজন ঘটনাস্থলীতে মৃত্যু হয় আৰু বাবুলিয়ে ততালিকে পলায়ন কৰে৷ লগে লগে অঞ্চলতোত হৈচৈ সৃষ্টি হয়৷ পৰিয়ালৰ লোকে ক্ষীৰোদক ধলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ লৈ যায়৷ ক্ষীৰোদৰ পত্নীয়ে ঘটনা সন্দৰ্ভত ধলপুৰ আৰক্ষীক অবগত কৰাত ধলপুৰ আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা পৰ্যবেক্ষণ কৰি বাবুলিৰ ভাতৃ ধন দাস আৰু বলিন বৰাক সোধাপোচাৰ বাবে আৰক্ষীয়ে উঠাই লৈ যায়৷ ইতিমধ্যে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা বাবুলি দাসক ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল গগৈয়ে গোপন সূত্ৰে পম খেদি কৰায়ত্ত কৰে৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষী থানাত বাবুলিক জেৰা অব্যাহত ৰাখিছে৷ স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে ক্ষীৰোদ বনিয়া এগৰাকী অমায়িক স্বভাৱৰ ব্যক্তি আছিল৷ মৃত্যু সময়ত ক্ষীৰোদৰ পত্নী,দুই পুত্ৰ,পিতৃ,ভাতৃ-ভগ্নীয় আদি এৰিথৈ যায়৷
প্ৰেৰক মাধুৰ্য দাস