নিয়মীয়া বার্তা, ১৫ মেঃ কৈঠালকুছি ৰেল ষ্টেচনৰ পৰা পৰি আজি এজন যুৱকৰ মৃত্যু হোৱাক লৈ চাঞ্চল্য ৷ ঘটনাৰ বিবৰণী মতে চামতা খাটাৰূপীয়াবাথান (কুলবিল) হিৰাপাৰা চুবুৰীৰ পিতৃ প্রয়াত চানিক দাসৰ পুত্র জোন দাসে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী কর্মচাৰী হিচাপে কাম কৰি গুৱাহাটীতে অস্থায়ীভাবে আছিল ৷ আজি জোন দাসৰ ঘৰৰ সন্মুখৰ হিৰাপাৰা গঞা ৰাইজৰ মন্দিৰত বার্ষিক পালনাম আছিল দিনযোৰা কার্যসূচীৰে ৷ আৰু পালনামত উপস্থিত থকাৰ বাবে কালি গুৱাহাটীৰ পৰা ইন্টাৰচিটী ট্রেইনেৰে ঘৰলৈ আহিছিল আৰু নিশা কৈঠালকুছি ষ্টেচন পোৱাৰ আগমূহুর্তত কেনেবাকৈ পিছলি পৰি মৃত্যু হয় ৷ আজি পুৱা ৰেলৱেৰ আৰক্ষী টহল দিব যোৱাত গম পায় অচিনাকী মৃতদেহ এটি ৷ পিছত উদ্ধাৰ কৰি আনি পকেটত থকা আইকার্ডৰ দ্বাৰাই গম পালে ঠিকনা, পিছত নিজ গৃহত খবৰ দিয়ে ৷ খবৰ পোৱা মাত্রে গাঁৱত হুৱা দুৱা লাগে আৰু নিজ গৃহৰ পৰা এটি সজাতি দল কৈঠালকুছি লৈ গৈ জোন দাসৰ মৃতদেহ নলবাৰী মেডিকেল কলেজলৈ নিয়ে আৰু মৰনোত্তৰ পৰীক্ষা কৰি আজি দিনৰ ১২ বজাত নাজ ঘৰলৈ আনে আৰু পাছত বুঢ়াদিয়া নৈৰ বুকুত স্থাপিত ৰাজহুৱা শ্মশানত শতকাৰ কৰে ৷ মৃত্যুৰ সময়ত মাতৃ পত্নী আৰু ৫ বছৰীয়া পূত্রক এৰি থৈ যায় ৷ ইফালে হিৰাপাৰা গঞা ৰাইজৰ বার্ষিক পালনামৰ সকলো অনুষ্ঠান বাতিল কৰিব লগা হয় ৷
প্রেৰক তপন কুমাৰ শর্মা