বিশেষ বার্তা, ১৫ মেঃ শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্রহ্মপুত্রত জঁপিয়াই কালি বিয়লি এজন যুৱকে আত্মহত্যা কৰে৷ প্রাপ্ত তথ্য মতে, বিয়লি প্রায় ডেৰ বজাত দলঙৰ ওচৰত ব্রহ্মপুত্রত মাছ মাৰি থকা মাছমৰীয়াই ওচৰতে থকা পাণ্ডু নদী আৰক্ষী চকীত খবৰ দিয়ে যে নতুন দলঙৰ ১৪নং খুঁটাৰ ওপৰৰ পৰা এজন যুৱকে নদীত জাঁপ মাৰি দিছে৷ লগে লগে পাণ্ডু নদী আৰক্ষীৰ দলে মাছমৰীয়াৰ সহযোগত ভুটভুটী লৈ যুৱকজনৰ সন্ধানত নদীত অভিযান আৰম্ভ কৰে৷ অৱশেষত দলঙৰ পৰা প্রায় এক কিলোমিটাৰ নিলগৰ গাড়ীগাঁও ঘাটত যুৱকজনক পানীত ভাহি গৈ থাকোঁতে মৃত অৱস্থাত উদ্ধাৰ কৰে৷ তাৰ পাছত মৃতদেহটো পাণ্ডু নদী আৰক্ষী চকীলৈ অনা হয়৷ প্রায় ৩৫ বছৰ বয়সীয়া পিন্ধনত ক’লা জীনছ আৰু সেউজীয়া ৰঙৰ স্প’র্টিং পৰিহিত যুৱকজনক এইপর্যন্ত চিনাক্ত কৰিব পৰা নাই৷ কাইলৈ যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে জি এম চি এহচলৈ প্রেৰণ কৰি তাৰ পাছত ৭২ ঘণ্টা চিনাক্তকৰণৰ বাবে মর্গত ৰখা হ’ব বুলি পাণ্ডু নদী আৰক্ষীয়ে জানিবলৈ দিছে৷