নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ডাবল মাৰ্ডাৰ : ঘাতক বন্দনাসহ দুই হত্যাকাৰীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

বিশেষ বাৰ্তা, ১৫ মেঃ অগাধ সম্পত্তি হস্তগত কৰা লোভৰ লগতে বেপৰোৱা পৰকীয়া প্রেমৰ পৰিণতিতে নৃশংসতাৰ সকলো সীমা চেৰাই স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল বন্দনা কলিতাই৷ সমগ্র দেশ কঁপাই যোৱা শিহৰণকাৰী হত্যাকাণ্ডটোৰ অভিযোগনামা দাখিলৰ বাবে আৰক্ষীয়ে সকলো প্রস্তুতি সম্পূর্ণ কৰি তোলাৰ লগে লগে স্পষ্ট হৈ পৰিছে অপৰাধৰ মূল উদ্দেশ্য৷ নুনমাটি আৰক্ষীয়ে অভিযোগনামাখন সাজু কৰি পি আই ক’টত জমা দিছে৷ আজি কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৰক্ষীয়ে দাখিল কৰিব অভিযোগনামা৷ প্রায় ১৪০০ পৃষ্ঠাজোৰা অভিযোগনামাখনত আৰম্ভণিৰ পৰা অন্তলৈকে নৃশংসতাৰ সকলো তথ্য–প্রমাণ সন্নিৱিষ্ট কৰা হৈছে৷ হত্যাকাণ্ডটোৰ মূল অভিযুক্ত বন্দনা কলিতাসহ আন দুই অভিযুক্ত অৰূপ ডেকা আৰু ধনটি ডেকাক গ্রেপ্তাৰ কৰাৰ পৰা প্রায় ৮২ দিনৰ অন্তত এই অভিযোগনামাখন আৰক্ষীয়ে সম্পূর্ণ কৰিছে৷ আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, অভিযোগনামাখনৰ প্রতিটো পৃষ্ঠাতে লিপিবদ্ধ হৈছে তিনি হত্যাকাৰী বন্দনা কলিতা–ৰূপ ডেকা–ধনটি ডেকাৰ বর্বৰতা আৰু নৃশংসতাৰ কাহিনী৷ উল্লেখ্য যে বন্দনা কলিতাসহ তিনি অভিযুক্তক গ্রেপ্তাৰ কৰাৰ সময়ত আৰক্ষীয়ে মানসিক অস্থিৰতাৰ পৰিণতিত বা অন্যান্য পাৰিবাৰিক কাৰণত এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্রকাশ কৰিছিল৷ কিন্তু বিভিন্ন বিজ্ঞানসন্মত তদন্তৰ পাছত মানসিক অস্থিৰতা অথবা পাৰিবাৰিক কাৰণৰ এই হত্যাকাণ্ডটোৰ সৈতে কোনোধৰণৰ যোগসূত্র যে নাই, সেই ক্ষেত্রত আৰক্ষী নিশ্চিত হৈছে৷ ইয়াৰ পৰিৱর্তে মৃত শংকৰী দে’, অমৰজ্যোতি দে’ৰ অগাধ সম্পত্তি তথা বৃহৎ পৰিমাণৰ বেংক বেলেঞ্চৰ প্রতি হত্যাকাৰী বন্দনা কলিতাৰ দুর্বাৰ আকর্ষণ আৰু পৰকীয়া প্রেমৰ পৰিণতিতেই ভয়ংকৰ শিহৰণকাৰী কাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষী নিশ্চিত হৈছে৷ লক্ষণীয় যে যোৱা ২০২২ চনৰ ২৬ জুলাইত বর্বৰ বন্দনা কলিতাই দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাৰ সৈতে মিলি চানমাৰিৰ যোগমায়া এনক্লেভত মূৰত বেলনা মাৰিৰে কোবাই হত্যা কৰিছিল শাহুৱেক শংকৰী দে’ক৷ হত্যাৰ পাছত মৃতদেহৰ তিনি টুকুৰা কৰি পিছদিনাখন মেঘালয়ৰ ডাউকীৰ পাহাৰ এলেকাত পেলাই দিছিল৷ শাহুৱেকক হত্যা কৰাৰ ২২ দিন পাছত অর্থাৎ ১৭ আগষ্টত নাৰেংগীৰ অমৰাৱতী এপার্টমেণ্টত বন্দনা কলিতাই নিধন কৰিছিল স্বামী অমৰজ্যোতি দে’ক৷ মাতৃৰ দৰেই পুত্রকো হত্যাৰ পিছত বন্দনা কলিতাই ৫ টুকুৰা কৰি পিছদিনাখন অর্থাৎ ১৮ আগষ্টত মেগালয়ৰ দুর্গম পাহাৰ এলেকাত পেলাই থৈ আহিছিল৷ নৃশংস হত্যাকাণ্ড দুটা সংঘটিত হোৱাৰ প্রায় ৫ মাহ পিছতহে চলিত বর্ষৰ ১৬ ফেব্রুৱাৰীত সকলো ৰহস্য পোহৰলৈ আহিছিল৷ উল্লেখ্য যে দিল্লীত সংঘটিত শ্বেতা হত্যাকাণ্ডতকৈও নৃশংস এই পাশৱিক কাণ্ডই সমগ্র দেশৰ সকলো বিবেকৱান লোকক জোকাৰি গৈছিল৷ আৰম্ভণিতে বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ৰ উচ্ছৃংখল জীৱনশৈলী, বহুগামিতা আৰু নিচাজাতীয় দ্রব্যৰ প্রতি অত্যধিক আসক্তিৰ বাবেই একপ্রকাৰ মুক্তি বিচাৰি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীক পতিয়ন নিয়াব বিচাৰছিল৷ একেদৰে পুত্রৰ উচ্ছৃংখল জীৱনশৈলীৰ প্রতি সকলো জানি–বুজিও নীৰৱতা অৱলম্বন কৰা বাবেই শাহুৱেক শংকৰী দে’কো হত্যা কৰা বুলি আৰক্ষীক অৱগত কৰিছিল৷ স্বামীক হত্যা কৰাৰ ক্ষেত্রত বন্দনা কলিতাই দর্শোৱা যুক্তিত কিছু পতিয়ন গ’লেও শাহুৱেকৰ হত্যাকাণ্ডৰ যুক্তিক লৈ আশ্বস্ত হ’ব পৰা নাছিল আৰক্ষী৷ অভিযোগনামাখনত এই সকলো দিশ সন্নিৱিষ্ট কৰিছে আৰক্ষীয়ে৷ তদুপৰি বীভৎস হত্যাকাণ্ডটোত এগৰাকী নাৰী হৈও বন্দনা কলিতা ইমান নৃশংস কিদৰে হ’ব পাৰিছিল, সেয়াও তদন্তকাৰী আৰক্ষীৰ বাবে অনুসন্ধিৎসাৰ আন এক বিষয় হৈ পৰিছিল৷ যাৰ ফলত কাৰাগাৰলৈ প্রেৰণ কৰাৰ পূর্বে তিনিও হত্যাকাৰীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে মানসিক স্বাস্থ্যও পৰীক্ষা কৰিছিল স্বাস্থ্য বিশেষজ্ঞৰ লগতে কেন্দ্রীয় ফৰেনছিক বিজ্ঞান বিশেষজ্ঞৰ দলে৷ কাৰাগাৰলৈ প্রেৰণ কৰাৰ পাছতো বন্দনা কলিতাৰ শান্ত–সমাহিত আচৰণ আছিল৷ দুজনকৈ লোকক হত্যা কৰি পিছত মৃতদেহ খণ্ড–বিখণ্ড কৰি সেইবোৰ প্লাষ্টিকৰ বেগত পেকিং কৰাটো মানসিকভাৱে সুস্থ কোনো লোকৰ বাবে কোনো কাৰণতেই সম্ভৱ নাছিল৷ তাতোকৈ বিস্ময়কৰ কথাটো হৈছে, দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতো প্রায় ৫–৬ মাহ ধৰি অকণো মানসিক অনুশোচনা–ন্তর্দ্বন্দ্ নোভোগাকৈ এটা সাধাৰণ জীৱন–যাপন কৰাটো কোনো কাৰণতেই সম্ভৱ নহয়৷ কিন্তু গ্রেপ্তাৰৰ পাছতো কাৰাগাৰত থকা সময়লৈকে বিশেষকৈ তিনি অভিযুক্তৰ ভিতৰত বন্দনা কলিতাৰ অহা নাছিল কোনোধৰণৰ মানসিক পৰিৱর্তন৷ যাৰ বাবে যোৱা মার্চ মাহত নতুন দিল্লীৰ শ্বেতা হত্যাকাণ্ডৰ ফৰেনছিক অধ্যয়ন কৰা তিনিজনীয়া কেন্দ্রীয় ফৰেনছিকৰ বিশেষজ্ঞয়ো অন্তিমবাৰলৈ কাৰাগাৰৰ ভিতৰতে পৰীক্ষা কৰিছিল বন্দনা কলিতাৰ মানসিক স্বাস্থ্য৷ কিন্তু, পূর্বৰ দৰেই এইবাৰো বিশেষজ্ঞই পৰীক্ষাত বন্দনা কলিতাৰ মানসিক অস্থিৰতাৰ কোনো লক্ষণ নাপালে৷ বন্দনাৰ লগতে অৰূপ আৰু ধনটি ডেকাৰো মানসিক স্বাস্থ্য পৰীক্ষাৰ অন্তত প্রেৰণ কৰা চূড়ান্ত প্রতিবেদন লাভ কৰাৰ পাছতে যোৱা এপ্রিল মাহত অভিযোগনামা প্রস্তুত কৰাৰ কাম আৰম্ভ কৰে আৰক্ষীয়ে৷ সূত্রটোৱে জনোৱা মতে, বন্দনা কলিতাৰ সহপাঠী ধনটি ডেকাৰ সৈতে আৰম্ভ হোৱা পৰকীয়া প্রেমৰ পৰাই সৃষ্টি হৈছিল শংকৰী–মৰজ্যোতি দে’ৰ অগাধ সম্পত্তি হস্তগত কৰাৰ শীতল পৰিকল্পনা৷ এটা সুবর্ণ সুযোগৰ সন্ধানত একমাত্র অপেক্ষাৰত আছিল বন্দনা কলিতা৷ কেইবাবছৰ ধৰি স্বামী–শাহুৰ অগোচৰে ধনটি ডেকাৰ সৈতে বন্দনা কলিতাৰ পৰকীয়া প্রেমৰ অন্তত দুয়ো এক হোৱাৰ পৰিকল্পনা কৰিছিল৷ তাৰ পাছতেই বাটৰ কাঁইট হৈ ৰোৱা শংকৰী দে’ আৰু অমৰজ্যোতি দে’ক আঁতৰোৱাৰ শীতল পৰিকল্পনাই পূর্ণতা পাইছিল৷ দুয়োকে নির্বিঘ্ণে আঁতৰাব পাৰিলেই সকলো সম্পত্তি হস্তগত কৰি ধনটি ডেকাৰ সৈতে পুনৰ সংসাৰ আৰম্ভ কৰাৰ পৰিকল্পনা আছিল বন্দনা কলিতাৰ৷ বন্দনা কলিতা যে প্রকৃতার্থত মানসিকভাৱে দুর্বল নহয়, বৰঞ্চ পূর্ব পৰিকল্পনাকহে বন্দনা কলিতাই শীতল মস্তিষ্কৰে পূর্ণতা দিছিল, সেয়া অভিযোগনামাত উল্লেখ কৰিছে আৰক্ষীয়ে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি, বন্দনা কলিতাৰ দুই সহযোগীৰ ভিতৰত অৰূপ ডেকা আছিল অতি নৃশংস৷ শাহু–স্বামীক হত্যাৰ পিছত মৃতদেহ দুটা দাৰে খণ্ড–বিখণ্ড কৰাৰ পৰা আৰম্ভ কৰি প্লাষ্টিকত মেৰিওৱালৈকে সকলো কাম অৰূপ ডেকাই কৰিছিল৷ বন্দনা কলিতা তাত সহযোগী হিচাপে আছিল৷ অকল সেয়াই নহয়, মৃতদেহৰ খণ্ড–বিখণ্ড মাংসপিণ্ডৰ পৰা নিঃসৰিত তেজৰ চেকুৰা চাফা কৰাৰ পৰা সকলোখিনি কৰিছিল অৰূপ ডেকাই৷ আৰক্ষীৰ জেৰাত এই সকলো কথা অৰূপ ডেকাই ইতিমধ্যে স্বীকাৰ কৰাৰ পাছত অভিযোগনামাতো এই বিষয়বোৰ সন্নিৱিষ্ট কৰিছে আৰক্ষীয়ে৷ লক্ষণীয় যে আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত মহানগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে ৯০ দিনৰ পূর্বেই অভিযোগনামাখন প্রস্তুত কৰি পি আই ক’টত জমা থৈছে৷ কাইলৈ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামাখন দাখিলৰ পিছতেই আৰম্ভ হ’ব আদালতৰ আইনী প্রক্রিয়া৷ অপেক্ষা মাথোঁ আদালতৰ চূড়ান্ত ৰায়দানলৈ৷ সকলো স্তৰৰ জনসাধাৰণৰ অন্তৰ শিহৰিত কৰি যোৱা এই ‘ডাবল মার্ডাৰ’ৰ মূল অভিযুক্ত বন্দনা কলিতাৰ লগতে অৰূপ ডেকা আৰু ধনটি ডেকাৰ কেনেধৰণৰ শাস্তি ঘোষণা হ’ব, সেয়া আদালতৰ চূড়ান্ত ৰায়ৰ পিছতহে স্পষ্ট হ’ব৷ কিন্তু, ভৱিষ্যতৰ দিনত যেন এনে এগৰাকী বন্দনা কলিতা পুনৰ সমাজত সৃষ্টি নহওক, সেয়াই সকলোৰে কাম্য৷

You might also like