নিয়মীয়া বাৰ্তা, ১৫ মেঃ লাহোৱালৰ মেলেঙীয়ালবাসীৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ত্ৰয়োদশ বাৰ্ষিক মেলেঙীয়াল ব’হাগী বিদায় সন্মিলনখনিৰ কালি সফল সামৰণি পৰে৷ মেলেঙীয়াল গাঁও ৰাজহুৱা পেক্ষাগৃহত অনুষ্ঠিত কৰা বিহু সন্মিলনখনৰ মদাৰখাট গৰীয়সী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা মেলেঙীয়াল গাঁও বিহু উদযাপন সমিতিৰ সভাপতি ৰন্টু ফুকনে পতাকা উত্তোলন কৰাৰ লগতে কৰুণা গগৈয়ে স্মৃতি তৰ্পণ আৰু তীৰ্থ হাজৰিকাই বিহু মঞ্চ উদ্ধোধন কৰে৷ ইয়াৰ পিছতে বিহুগীত, বিহু নাচ, জেং বিহু, সৃষ্টিমূলক নৃত্য, জাতীয় পৰম্পৰাগত সাজপাৰ আদি অন্যান্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰা হয়৷ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰে লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্জ্বল গগৈয়ে৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে বৃহত্তৰ লাহোৱাল অঞ্চলটোত অপৰাধ নিয়ন্ত্ৰণৰ লগতে শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত নিষ্ঠা সততাৰে যি ভূমিকা পালন কৰি আহিছে আৰক্ষী বিষয়াজনৰ কৰ্মদক্ষতাৰ স্বীকৃতিৰ চিনস্বৰূপে একোখন ফুলাম গামোচা আৰু একোখন মানপত্ৰৰে সম্বন্ধনা জ্ঞাপন কৰে ৷ লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গগৈয়ে সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী ভাষণ প্ৰসংগত বিহুৰ উৎপত্তি, বিহুক কিয় কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়, মঞ্চ বিহুৰ ক্ৰমবিকাশ আৰু আৰম্ভণি, বিহুৰ পৰা হেৰাই যোৱা অৱধাৰা সমূহৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ একে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধণী অনুষ্ঠানত উপস্থিত থকা যুৱ সাংবাদিক সন্থা,অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক কাঞ্চনজ্যোতি গোহাঁইকো উদযাপন সমিতিৰ সভাপতি ৰন্টু ফুকন আৰু উদযাপন সমিতিৰ উপদেষ্টা বিদ্যুত হাজৰিকাই একোখনকৈ ফুলাম গামোছাৰে সম্বন্ধনা জ্ঞাপন কৰে৷ ইয়াৰোপৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজতে গুৱাহাটী সৰুসজাইত বিহুক বিশ্বশ্ৰেষ্ঠত উপনীত কৰাত অৰিহণা আগবঢ়োৱা মেলেঙীয়াল গাঁৱৰ পাঁচগৰাকী বিহুৱতী ক্ৰমে -বৰষা ফুকন ,টিনা গগৈ,গীতাশ্ৰী হাজৰিকা,অপ্সৰা গগৈ আৰু ডোনাশ্ৰী দত্তকো একোটা ফুলাম জাপিৰ লগতে একোখন ফুলাম গামোছাৰে সম্বন্ধনা জ্ঞাপন কৰে ৷
প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই