ডিক’ডিং জীৱনঃ মই কোন চোৱা
-
পার্থসাৰথি মহন্ত
‘চিনি পোৱা নাই মোক’?
এতিয়া আৰু কোৱাৰ দৰকাৰ নাই৷
মানুহে মই কোন বুলি ভবাটো বিচাৰোঁ, সেয়া বুজাই দিয়াটো এতিয়া সহজ হৈ গ’ল৷
সামাজিক মাধ্যম৷ হয়, সামাজিক মাধ্যমত আমি দিয়া প’ষ্ট আৰু আপল’ডেৰে সুন্দৰকৈ বুজাই দিব পাৰি আমাক মানুহে কি বুলি চিনাটো, জনাটো আমি বিচাৰোঁ৷
আনে আমাক তেওঁলোকৰ নিজা নিজা দৃষ্টিভংগীৰে চায়৷ কিন্তু মোৰ কল্পনাৰ পৰিচয় সেয়া নহ’বও পাৰে৷ আচলতে বেছিভাগ সময়তে নহয়৷ সেই কাৰণেইতো বিভিন্ন ধৰণেৰে মানুহক দেখুৱাব লগা হয়, ইংগিত দিবলগীয়া হয়– ‘মই কোন চোৱা’৷
সামাজিক মাধ্যমত আমি কি শ্বেয়াৰ কৰোঁ আৰু কিয় শ্বেয়াৰ কৰোঁ? বহুক্ষেত্রত আচলতে কিয় শ্বেয়াৰ কৰোঁৱেহে নির্ধাৰণ কৰে কি শ্বেয়াৰ কৰোঁ৷ কি এই কিয়বোৰ?
নিজকে মই কেনেদৰে অভিক্ষেপ কৰিব বিচাৰোঁ মানুহে মোৰ পৰিচয় কি বুলি জনাটো বিচাৰোঁ এইটোৱেই প্রথম আৰু মুখ্য কাৰণ৷ ইয়ে নির্ধাৰণ কৰে কি শ্বেয়াৰ কৰোঁ৷ ‘দ্য নিউয়র্ক টাইমছ’ কাকতখনে এটা সমীক্ষা চলাইছিল৷ ৬৮ শতাংশই ক’লে যে তেওঁলোকে নিজকে ভাল বুলি দেখুৱাবলৈকে বিভিন্ন প’ষ্ট বা আপল’ড কৰে৷ কথাটো হ’ল– আমাৰ স্বৰূপ দুটা৷ এটা আচল ৰূপ, আনটো আনক দেখুৱাব খোজা ৰূপ৷ আচল স্ব আৰু আদর্শগত স্ব৷ অনবৰতে আমি আদর্শগত ৰূপটো পাবলৈ চেষ্টা কৰি থাকোঁ৷ গোটেই পৃথিৱীয়ে আমাক সেই ৰূপটোৰে জনাটোহে আমি বিচাৰোঁ৷ আমি কি শ্বেয়াৰ কৰোঁ, সেয়া আচলতে আমি কি হ’ব বিচাৰোঁ তাৰেই প্রতিফলন৷ আমি ‘ডাঙৰ’ মানুহৰ লগত তোলা ফটো শ্বেয়াৰ কৰোঁ৷ ডাঙৰ মানুহৰ লগত ফটোখন তোলোৱেই শ্বেয়াৰ কৰিবলৈ৷ ‘সৰু’ মানুহৰ লগত থকা ফটো নহয়৷ অৱশ্যে আমি যদি নিজকে মহান বা জনপ্রিয় বুলি দেখুৱাব খোজোঁ, তেতিয়া বেলেগ কথা৷ তেতিয়া আমি সৰু মানুহৰ লগত ফটো তুলি তুলি প’ষ্ট কৰিম৷ আমি নিজকে সুন্দৰ ৰুচিবোধৰ মানুহ হিচাপে দেখুৱাব খোজোঁ– ফুল, কিতাপ, সংগীতৰ মাজত নিজকে দেখুৱাম৷ ভাল ভাল কথা, ভাল ভাল ফটো৷ মানুহৰ মনত গঢ়ি তুলিবলৈ চেষ্টা কৰিম– মোৰ এখন সুন্দৰ ছবি৷
এইখিনিতে মানুহৰ মানসিকতাৰ এটা বৰ ইণ্টাৰেষ্টিং কথা চকুত পৰে৷ মানে সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ ক্ষেত্রত৷ কিবা এটা বস্তু ভাল লাগিলে বা ভাল পালে বুলিয়েই মানুহে শ্বেয়াৰ কৰি নিদিয়ে৷ সেই বস্তুটোৰ লগত তেওঁলোকে নিজৰ এটা সংযোগ পাব লাগিব, নিজকে যুক্ত কৰিব পাৰিব লাগিব৷ তেওঁলোকে মনতে নিজৰ যিটো ইমেজ কল্পনা কৰি থৈছে, সেই ইমেজটো এই শ্বেয়াৰবোৰে ফুটাই তোলে বুলি ভাবিব পাৰিব লাগিব৷ তেওঁলোকৰ বিশ্বাস হ’ব লাগিব যে এই প’ষ্ট আৰু আপল’ডবোৰে কল্পনাৰ সেই ইমেজটোক সংজ্ঞায়িত কৰিব৷
সেই কাৰণে আমি এয়াৰপ’টত কফী খাই থকা ফটো পাওঁ, সেই কাৰণে আমি ফাইভ ষ্টাৰ হোটেলত থকা–খোৱাৰ ফটো পাওঁ৷ সেই কাৰণে আমি গাঁৱৰ ঘৰৰ সন্মুখৰ এতিয়াও পকী নোহোৱা ৰাস্তাটোৰ ফটো নাপাওঁ, সেই কাৰণে আমি হাল বাই অহা ককায়েকৰ লগত গাঁৱৰ ঘৰৰ মজিয়াত ভাত খোৱা ফটো নাপাওঁ৷
মানুহে নিজৰ বিষয়ে কোৱাটো একো নতুন কথা নহয়৷ দিনটোত যিমান কথা কয়, তাৰে ৩০ৰ পৰা ৪০ শতাংশই মানুহে নিজৰ বিষয়ে কয়৷ সেয়া অফলাইন৷ অনলাইনত ছ’চিয়েল মিডিয়াত সামাজিক মাধ্যমত দিয়া প্রায় ৮০ শতাংশ প’ষ্ট আৰু আপল’ডেই মানুহৰ নিজৰ বিষয়ে৷ কাৰণ, বাস্তৱত কাৰোবাৰ লগত মুখামুখিকৈ বহি নিজৰ কথা কোৱাটো সিমান সহজ নহয়৷ আনজনৰ ভাবলেশ কি, সেয়াও চাব লগা হয়৷ কিন্তু অনলাইনত সেই সমস্যা নাই৷ তদুপৰি ভাবিবলৈ সময় পোৱা যায়– কেনেকৈ, কি কি ধৰণে নিজৰ কথা ক’ম৷ স্ব উপস্থাপন৷ কেনেকৈ আত্মপৰিচয় দাঙি ধৰিম৷ আত্মপৰিচয় মানে মানুহক আভুৱা–ভাঁৰি দেখুৱাব খোজা আত্মপৰিচয়৷
এটা পৰিকল্পিত স্ব উপস্থাপনেৰে আমি সামাজিক প্রতিষ্ঠা বিচাৰোঁ, প্রতিপত্তি বিচাৰোঁ৷
যি নেতা, অভিনেতা, চেলিব্রিটীৰ লগত হলিগলি, উঠা–বহা থকা বুলি দেখুৱাব পাৰিলে সেই সামাজিক প্রতিষ্ঠা আহিব বুলি আমাৰ ধাৰণা, আমি তেওঁলোকৰ লগত ফটো বিচাৰোঁ, শ্বেয়াৰ কৰোঁ৷ ছ’চিয়েল মিডিয়াৰে আমি ছ’চিয়েল ষ্টেটাছ বিচাৰোঁ৷
দৰকাৰ হ’লে আমি আন আন বস্তুৰো সহায় লওঁ৷ আমি বস্তু কিনো৷ আমি এনেকুৱা বস্তু কিনিবলৈ চেষ্টা কৰোঁ, যি আমাক এটা ষ্টেটাছ পোৱাত সহায় কৰে৷ আৰু কিনাৰ লগে লগে সেই বস্তুটো আমি সামাজিক মাধ্যমত প্রদর্শন কৰোঁ৷
তাৰ পিছত আমি এক অদ্ভুত আত্মসন্তুষ্টি লাভ কৰোঁ৷ আমি ভাবি লওঁ যে আমি সেই কল্পনাৰ ইমেজটো পাই গ’লোঁ৷ আমি ধৰি লওঁ– সেই ঈপ্সিত সামাজিক প্রতিষ্ঠা লাভ কৰিলোঁ৷ আমি ভাবোঁ– আমি সকলোকে আভুৱা–ভাঁৰিলো৷ আমি আচলতে কাক আভুৱা–ভাঁৰিলো?
তেনেহ’লে অনাহকত এই প্রদর্শন কিয়? এই প্রৱণতা কিয়? নিজকে সম্ভ্রান্ত, অভিজাত আৰু প্রতিপত্তিশালী বুলি জাহিৰ কৰিবলৈ অহৰহ চেষ্টা কৰি থকা এই মানুহখিনিৰ ভিতৰখন আচলতে একেবাৰেই ফোঁপোলা৷ আচলতে তেওঁলোকে ভীষণ নিৰাপত্তাহীনতাত ভোগে৷ তেওঁলোকে ভালদৰে জানে যে তেওঁলোকৰ নিজৰ একো নাই৷ তেওঁলোকৰ নিজা পোহৰ নাই৷ তেওঁলোকে চন্দ্রৰ দৰে৷ প্রতিফলিত পোহৰত তেওঁলোকে যশ–সন্মান বিচাৰিব লাগে৷ তেওঁলোকে পোহৰৰ উৎসবোৰক প্রদক্ষিণ কৰি থাকিবলগীয়া হয়৷ তেতিয়াহে দহজনে গুৰুত্ব দিব, সমাজত প্রতিষ্ঠা পাব৷ তুমি যেতিয়া নিজেই জানা যে তোমাৰ একো গুৰুত্ব নাই, গুৰুত্ব পাবলৈ হ’লে ইমানখিনিতো কৰিবই লাগিব৷ লাজ কাটি কৰি থ’লেহে মান আহিব৷ তেওঁলোকৰ ধাৰণা৷
এওঁলোকে অন্ততঃ কাৰো বেয়া বা অপকাৰ কৰিবলৈ চেষ্টা নকৰে৷ একো নিগেটিভ শ্বেয়াৰ নকৰে৷ এচাম আছে আকৌ নিগেটিভ পথেৰে গুৰুত্ব বিচাৰে, প্রতিষ্ঠা বিচাৰে, প্রতিপত্তি বিচাৰে৷ বিষয়বস্তুৰ ওপৰত জ্ঞান আছে নে নাই ডাঙৰ কথা নহয়, বিষয়বস্তুৰ ওপৰত কথা ক’ব পৰা অর্হতা আছে নে নাই ডাঙৰ কথা নহয়, সম্পূর্ণ তথ্য আছে নে নাই ডাঙৰ কথা নহয়, তেওঁলোকে কমেণ্ট কৰিব৷ নিগেটিভ কমেণ্ট৷ বাওনা হৈ চন্দ্রলৈ হাত মেলাটো তেওঁলোকে সাহসৰ পৰিচয় বুলি ভাবে৷ চন্দ্রই হয়তো গমেই পোৱা নাই কোনোবা এটাই হাত মেলি আছে বুলি৷ গম পালেও হয়তো ভ্রূক্ষেপ নাই৷
কথাতে কয় বোলে কাঁচে হীৰাতকৈ বেছি তিৰবিৰাবলৈ যত্ন কৰে৷ কাৰণ হীৰাৰতো একো প্রমাণ কৰিবলগীয়া নাই৷ হীৰাই নহয়, কাঁচেহে চিঞৰিবলগীয়া হয়– ‘মই কোন চোৱা’৷