নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগী–চন্দ্রপুৰ পথৰ কাষত বৃহৎ গছঃ ভয়ানক দুর্ঘটনাৰ আশংকা পথচাৰীৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নাৰেংগী–চন্দ্রপুৰ গড়কাপ্ঢানী পথৰ দুয়োপাৰত থকা প্রকাণ্ড প্রকাণ্ড গছৰ পৰা ভয়ানক বিপদ তথা দুর্ঘটনা হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে৷ বিশেষকৈ আগন্তুক সময়ছোৱাত আহি থকা পছোৱা বতাহ আৰু ধুমুহা–বৰষুণৰ বতৰক লৈ অধিক শংকিত হৈ পৰিছে কেইবাটাও এলেকাৰ বাসিন্দা৷ নাৰেংগী–চন্দ্রপুৰ পথৰ দুয়োকাষত বিশেষকৈ তাঁতিমাৰা, চন্দ্রপুৰ, হাজোংবড়ি, খাংকৰ, পানীখাইতী এলেকাত বহু বছৰ পূর্বে ভালেসংখ্যক গছ ৰোপণ কৰিছিল বন বিভাগে৷ গছবোৰ ক্রমান্বয়ে বৃহৎ আকাৰ ধাৰণ কৰি বিশেষভাৱে গ্রীষ্মৰ বতৰৰ বাবে আকর্ষণীয় হৈ উঠে৷ বর্তমানৰ স্থিতি তথা অৱস্থানৰ বাবে যিকোনো মুহূর্তত ভয়ানক দুর্ঘটনা হোৱাৰ আশংকা কৰা হৈছে৷ প্রত্যক্ষ কৰা মতে, তাঁতিমাৰাৰ পৰা পানীখাইতী পর্যন্ত প্রায় দহ কিলোমিটাৰ পথ অতি বিপজ্জনক হৈ আছে৷ পথছোৱাৰ প্রায়সংখ্যক বৃহৎ গছ পথৰ ওপৰতে হাউলি আছে৷ অতি বিপজ্জনকভাৱে হাউলি থকা এই গছবোৰ অহা পছোৱা বতাহৰ সময়ত উভালি অথবা বৃহৎ বৃহৎ ডাল পথৰ ওপৰতে ভাঙি পৰিব পাৰে৷ একে আশংকাত ভুগিছে আগন্তুক বাৰিষা বতৰৰ বাবেও৷ অহা বাৰিষাৰ বতৰত উভালি অথবা ডাল ভাঙি পথেৰে চলাচল কৰা বাহন অথবা পথচাৰীৰ ভয়ানক দুর্ঘটনা সংঘটিত হ’ব পাৰে৷ আনহাতে প্রায় বিশডাল প্রকাণ্ড গছ মৰি থকা বাবেও এই গছকেইডালৰ ক্ষেত্রতো একে শংকা কৰিছে অঞ্চলবাসীয়ে৷ জনসাধাৰণৰ হানি হ’ব পৰা সম্ভাব্য দুর্ঘটনাৰ প্রতি লক্ষ্য কৰি আগন্তুক বাৰিষাৰ পূর্বে বিপজ্জনক গছসমূহ আঁতৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে৷ উল্লেখ্য যে যোৱা বাৰিষাত কেইবাডালো গছ উভালি পৰি যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাৰ উপৰি যান–বাহন ক্ষতিগ্রস্ত হৈছিল৷

You might also like