নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে সোমবাৰে এক নির্দেশযোগে ৰাজ্যিক প্রশাসনত কিছু সালসলনি ঘটাইছে ৷ সেই অনুসৰি পৰিৱেশ আৰু বন, সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰূপক কুমাৰ মজুমদাৰক পৰিৱেশ আৰু বন বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ৷ সেইদৰে শ্রম আয়ুক্ত চাজাদ জামান হাজৰিকাক অতিৰিক্তভাৱে শ্রমিক কল্যাণ বিভাগৰ সচিবৰ দায়িত্ব দিয়া হৈছে ৷ আনহাতে যোৱা ১৯ ডিচেম্বৰত অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্বৰ পৰা আঁতৰোৱা ভাস্কৰ ফুকনক পুনৰ পর্যটন নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব দিয়া হৈছে ৷ সেইদৰে ঠেঙাল–কছাৰী স্বায়ত্ত পৰিষদৰ প্রধান সচিব অধীৰ ভূঞাক যোৰহাটৰ জিলা উন্নয়ন আয়ুক্ত হিচাপে বদলি কৰা হৈছে ৷ তেওঁক অতিৰিক্তভাৱে ঠেঙাল–কছাৰী স্বায়ত্ত পৰিষদৰ প্রধান সচিবৰ দায়িত্ব চম্ভালিবলৈ দিয়া হৈছে ৷ একেদৰে সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব দেৱজিৎ খনিকৰক গোলাঘাটৰ জিলা উন্নয়ন আয়ুক্ত হিচাপে বদলি কৰা হৈছে ৷