নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডত ২২ গজত ব্যস্ত টীম ইণ্ডিয়া

🔷 ৭ জুনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল

বিশেষ বাৰ্তা, ১ জুনঃ ইংলেণ্ডৰ দ্য অ’ভেলত ৭ জুনৰ পৰা অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ ৷ অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া ঐতিহাসিক মেচখনলৈ মাজতে মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ইংলেণ্ডত পূর্ণ প্রস্তুতিত ব্যস্ত হৈ পৰিছে ভাৰতীয় দলটোৰ খেলুৱৈসকল ৷ শেহতীয়াভাৱে ভাৰতীয় দলটোত যোগদান কৰিছে অধিনায়ক ৰোহিত শর্মাই ৷ টীম ইণ্ডিয়াৰ অধিকসংখ্যক খেলুৱৈ সম্প্রতি ইংলেণ্ডত উপস্থিত হৈছে ৷ প্রতিজন ক্রিকেটাৰৰ কামৰ বোজাৰ প্রতি লক্ষ্য ৰাখিছে টীম ইণ্ডিয়াৰ প্রশিক্ষকসকলে ৷ চাপৰ কথা বিবেচনা কৰি বলাৰসকলক অধিক জিৰণি দিয়াৰ চিন্তা–চর্চা কৰিছে দলীয় মেনেজমেণ্টে ৷ টীম ইণ্ডিয়াৰ বলিং প্রশিক্ষক পাৰশ মাম্ব্রেই কয় যে প্রস্তুতি ভালদৰে চলি আছে ৷ দলটোৱে ইতিমধ্যে কৰা দুটাকৈ অনুশীলনত আমি সুখী ৷ ইফালে, দলটোৰ ফিল্ডিং প্রশিক্ষক টি দিলীপে কয় যে টেষ্ট ক্রিকেটৰ গুৰুত্বৰ কথা মনত ৰাখি ক্ল’জ ইন ক’চিঙৰ অনুশীলন কৰা হৈছে ৷ সকলোৱে আই পি এল খেলি আহিছে ৷ গতিকে সকলোৰে কামৰ বোজা আমি মনত ৰাখিব লাগিব ৷ আনহাতে, বেটিং প্রশিক্ষক বিক্রম ৰাথোড়ে বেটাৰসকলক লৈ বিশেষ চিন্তিত নহয় বুলি মন্তব্য কৰিছে ৷ কাৰণ, আই পি এলত সৰহসংখ্যক বেটাৰে উন্নত প্রদর্শন দাঙি ধৰিছে ৷ অৱশ্যে এটা ফর্মেটৰ পৰা আন এটা ফর্মেটলৈ মানসিকতাৰ পৰিৱর্তনৰ বাবে কিছু সময়ৰ প্রয়োজন বুলি বেটিং প্রশিক্ষকগৰাকীয়ে মন্তব্য কৰে৷

You might also like